নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনত নাৰেংগী–চন্দ্রপুৰ পথত পাচলি বিক্রী শিশু–মহিলাৰ

নিয়মীয়া বাৰ্তা, ২৬ এপ্রিলঃ ক’ৰোনা প্রতিৰোধী লকডাউনৰ ফলত বিশেষভাৱে প্রভাৱিত হৈছে দিন হাজিৰা কৰি জীৱিকা নির্বাহ কৰা নিম্ন আৰু মধ্যবিত্ত শ্রেণীৰ লোকসকল৷ লকডাউন ঘোষণাৰ পিছৰে পৰা এই শ্রেণীৰ লোকসকলে গৃহবন্দীত্ব জীৱন যাপন কৰিবলগীয়া হোৱাত সম্পূর্ণৰূপে শ্রমহীন হৈ পৰিছে৷ ফলত বিশেষকৈ দ্বিতীয় পর্যায়ৰ লকডাউন আৰম্ভ হোৱাৰে পৰা গভীৰ সংকটত পৰিছে এই শ্রেণীৰ লোকসকল৷ অর্থ আৰু খাদ্য উভয় সংকটত ভোগা এই শ্রেণীৰ লোকসকলে এতিয়া উপায়ান্তৰবিহীন হৈ তেওঁলোকৰ পৰিচয় সলনি কৰি লোৱা পৰিলক্ষিত হৈছে মহানগৰীৰ পার্শ্বৱর্তী কেইবাটাও অঞ্চলত৷

উল্লেখ্য যে সমীপৱর্তী বোন্দা, আমগাঁও, পানীখাইতী, চন্দ্রপুৰ, পশ্চিম মায়ঙৰ অধিক সংখ্যক লোকৰ কোনোবাই যদি দিন হাজিৰা কৰি জীৱিকা নির্বাহ কৰে আন বহুতে সৰু–সুৰা পাণ দোকান, চাহ দোকান, মচলাৰ ব্যৱসায়, মাছ আৰু কুকুৰা মাংসৰ ব্যৱসায় আদি বিভিন্ন কর্ম কৰি পৰিয়াল পোহপাল দি আছিল৷ লকডাউনৰ পিছৰে পৰা এনে সকলো কার্য বন্ধ হৈ থকাৰ ফলত পানীত হাঁহ নচৰা অৱস্থা হৈছে এইচাম লোকৰ৷ দীঘলীয়া লকডাউনৰ দিন বাগৰি যোৱাৰ লগে লগে এই শ্রেণীৰ লোকসকলে খাদ্য সংকটত পৰাৰ ফলত পৰিয়ালৰ শিশুৰ পৰা বৃদ্ধলৈকে প্রত্যেকে এমুঠি ভাত যোগাৰ কৰাৰ বাবে সাধাৰণ পাচলিৰ ব্যৱসায় কৰিবলৈ লৈছে৷

প্রত্যক্ষ কৰা মতে, বহু শিশু আৰু বৃদ্ধৰ কোনোবাই যদি কেইডালমান শাক বিচাৰি বেচিব আনিছে, আন কোনোবাই কেইটামান বেল, কঠালৰ মুঁচি, কচুৰ থোৰ বিক্রীৰ বাবে অপেক্ষা কৰিছে পথৰ দাঁতিত৷ নাৰেংগীৰ পৰা পশ্চিম মায়ঙলৈ এই পথত ঠায়ে ঠায়ে দেখা গৈছে এনেধৰণৰ পাচলি লৈ বহি থকা অসংখ্য দৃশ্য৷ সেইসকলৰ এটাই আশা– এই ক্ষুদ্র সামগ্রীখিনি বিক্রী কৰি সেই ধনেৰে এসাঁজ খাব পাৰিব৷ তদুপৰি বহুকেইগৰাকী পাণ দোকানী, চাহ দোকানীৰ লগতে কেইটামান টিউচন কৰি জীৱিকা নির্বাহ কৰা একাংশ শিক্ষিত যুৱকেও উপায়ান্তৰবিহীন হৈ পাচলি বিক্রীত নামি পৰিছে৷ জানিব পৰা মতে, মহামাৰী ক’ৰোনা সংক্রমণৰ ভয়ত টিউচন কৰাও বন্ধ হোৱাত এনে কৰিবলৈ বাধ্য হৈছে এই শিক্ষিত যুৱকসকলে৷ প্রাপ্ত তথ্য অনুসৰি লকডাউনৰ সময় দীঘলীয়া হোৱাৰ বাবে সমগ্র অঞ্চলৰ বহু লোকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে৷

উল্লেখিত অঞ্চলকেইটাৰ বহু পৰিয়াল প্রায়ে অনাহাৰে থকাৰ বিষয়েও জানিব পৰা গৈছে৷ বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানে সাহায্য সামগ্রী বিতৰণ কৰিছে যদিও একাংশ পালিনেতাৰ পাকচক্রৰ বাবে বহু নিঃকিন লোক বঞ্চিত হৈ আছে৷

You might also like