লুটুমাত ড্রাগ্ছসহ সৰবৰাহকাৰীক গ্রেপ্তাৰ
নিয়মীয়া বাৰ্তা ১০ জুলাইঃ গুৱাহাটীত ড্রাগ্ছৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে৷ আজি পুৱা ফটাশিল আমবাৰী আৰক্ষীয়ে লুটুমাত ড্রাগ্ছৰ বিৰুদ্ধে অভিযান চলায়৷ আৰক্ষীৰ অভিযানত প্রকাশ বার্মা (৪৫) নামৰ এজন ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ ধৃত সৰবৰাহকাৰীটোৰ পৰা অভিযানকাৰী দলটোৱে ১০ গ্রাম হেৰ’ইনৰ লগতে নগদ ১৪,৫০০ টকা জব্দ কৰে৷ লুটুমাৰ বেটেলিয়ন গেটত থকা প্রকাশ বার্মাই দীর্ঘদিন ধৰি ড্রাগ্ছৰ ব্যৱসায় চলাই আহিছিল৷ আৰক্ষীৰ জেৰাত ধৃত বার্মাই গান্ধীবস্তিৰ পৰা ড্রাগ্ছ ক্রয় কৰাৰ কথা স্বীকাৰ কৰিছে৷