নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৈল সম্পদ আৰু অসমৰ আৱেগ

প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় মন্ত্রীসভাৰ সম্প্রসাৰণ তথা সালসলনিত ৰাজ্যিক পেট্র’লিয়াম মন্ত্রীৰ দায়িত্ব লাভ কৰাৰ পাছতে অসমৰ প্রতিনিধি ৰামেশ্বৰ তেলীয়ে এক গুৰুত্বপূর্ণ মন্তব্য আগবঢ়াইছে৷ পেট্র’লিয়াম মন্ত্রালয়ৰ দৰে গুৰুত্বপূর্ণ বিভাগৰ ৰাজ্যিক মন্ত্রীৰ দায়িত্ব লাভ কৰি উঠিয়ে ৰামেশ্বৰ তেলীয়ে নিজ বক্তব্যত তেওঁৰ ঘৰৰ সন্মুখতেই তেল আহৰণ শিশু অৱস্থাৰ পৰা দেখি আহিছে আৰু তৈল সম্পদ সন্দর্ভত তেওঁৰ নিজৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰিছে৷ অসমৰ প্রেক্ষাপটত ৰামেশ্বৰ তেলীৰ এই বক্তব্য যথেষ্ট গুৰুত্বপূর্ণ বুলি বিবেচিত হৈছে৷ খাৰুৱা তেলৰ সৈতে অসমৰ এক আৱেগ জড়িত হৈ আছে৷ স্বাধীনতাৰ পৰৱর্তী সময়ত অসমৰ তৈল সম্পদক লৈ বিভিন্ন চর্চা অব্যাহত আছে৷ এটা সময়ত অসম তৈল সম্পদত চহকী ৰাজ্য হিচাপে পৰিগণিত হৈ আহিছিল৷ এনে পৰিপ্রেক্ষিততে ৰাজ্যখনত শোধনাগাৰ স্থাপনৰ দাবীত আন্দোলন পর্যন্ত হৈছিল৷ পৰৱর্তী সময়ত ঐতিহাসিক অসম আন্দোলনৰ সময়তো ‘তেজ দিম তেল নিদিওঁ’ জাতীয় শ্লোগানেৰে যি আৱেগ সৃষ্টি কৰিছিল, তাৰ আঁৰত লুকাই আছিল তেল সম্পদক লৈ জড়িত থকা অসমৰ আৱেগ৷ একমাত্র আৱেগে নহয়, অসমৰ অর্থনৈতিক ক্ষেত্রখনতো তৈল সম্পদৰ বিশেষ অৱদান আছে৷ আনকি অসম চুক্তিৰ আধাৰতেই নুমলীগড় শোধনাগাৰ স্থাপন হৈছিল৷ শেহতীয়াকৈ ৰাজ্যৰ নৱনির্বাচিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো অসমৰ তৈল অর্থনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে অইল ইণ্ডিয়া লিমিটেড, অ’ এন জি চিৰ দৰে ভাৰত চৰকাৰৰ প্রতিষ্ঠান অসমৰ তেল উদ্ঘাটন আৰু উৎপাদনৰ সৈতে স্বাধীনতাৰ পৰৱর্তী সময়ৰ পৰাই জড়িত হৈ আছে৷ বিশেষকৈ অইল ইণ্ডিয়া লিমিটেডে অসমৰ তৈলক্ষেত্রসমূহক বিশেষ গুৰুত্ব প্রদান কৰি আহিছে৷ অইল ইণ্ডিয়া লিমিটেডত ৯০ শতাংশ কর্মচাৰীয়েই অসমৰ হোৱাৰ উপৰি ইয়াক কেন্দ্র কৰি উজনি অসমৰ বৃহৎসংখ্যক লোকে ব্যৱসায়–বাণিজ্য চলাই আহিছে৷ সেই বাবে অসমবাসীৰ সৈতে অইল ইণ্ডিয়া লিমিটেডৰ এক আৱেগিক সম্পর্কীও জড়িত হৈ আছে৷ তদুপৰি অইলে চি এছ আৰ পুঁজিৰ অধীনত অসমৰ ভিন্ন প্রান্তত বিভিন্ন উন্নয়নমূলক কাম–কাজত বৃহৎ পৰিমাণৰ ধন ব্যৱহাৰ কৰি আহিছে৷ এনে প্রেক্ষাপটতে শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসমৰ সকলো তৈলক্ষেত্র অইল ইণ্ডিয়া লিমিটেডৰ হাতত অর্পণ কৰিবলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ এখন পত্র প্রেৰণ কৰিছে৷ ইয়াৰ পাছতে এতিয়া ডিব্রুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীক পেট্র’লিয়াম মন্ত্রালয়ৰ ৰাজ্যিক মন্ত্রীৰ দায়িত্ব অর্পণ কৰাটো অসমৰ বাবে এক আশাৰ বতৰা বুলি বিবেচিত হৈছে৷ অসমৰ তৈলক্ষেত্র আৰু ইয়াৰ দায়িত্বত থকা তৈল প্রতিষ্ঠানসমূহক কেন্দ্র কৰি ৰাজ্যত বুজন পৰিমাণৰ পুঁজিৰ ব্যৱসায়–বাণিজ্য অব্যাহত আছে৷ আনহাতে, তৈল সম্পদৰ সঠিক ব্যৱস্থাপনাৰ জৰিয়তেও ৰাজ্যখনে বৃহৎ পুঁজি লাভ কৰাৰ সম্ভাৱনা উজ্জ্বল৷ ইতিমধ্যে আন্তর্জাতিক তৈল অর্থনীতিৰ ব্যাপক পৰিৱর্তন হোৱাৰ পাছত এনে পৰিৱর্তনৰ জৰিয়তে ৰাজ্যৰ অর্থনীতি তৈল সম্পদৰ জৰিয়তে কিদৰে টনকিয়াল কৰিব পাৰি, তাৰে এক বিশেষ অধ্যয়ন অথবা গৱেষণাৰ প্রয়োজন৷ আমি তৈল সম্পদ অথবা প্রাকৃতিক সম্পদত চহকী বুলি মুখেৰে কৈ থকাৰ বিপৰীতে এই সম্পদক কিদৰে ৰাজ্যৰ অর্থনীতি লাভান্বিত কৰিব পৰা সম্পদলৈ ৰূপান্তৰিত কৰিব পাৰি, সেইটোহে সবাতোকৈ গুৰুত্বপূর্ণ বিষয়৷ ৰামেশ্বৰ তেলীৰ দৰে শিশু কালৰে পৰা তৈল ক্ষেত্রৰ অ, আ, ক, খ দেখি অহা ব্যক্তি এগৰাকীয়ে পেট্র’লিয়াম মন্ত্রালয়ৰ দৰে অসমৰ বাবে গুৰুত্বপূর্ণ দপ্তৰ লাভ কৰাৰ পাছত অসমে এতিয়া ইয়াৰ জৰিয়তে কিদৰে নিজৰ প্রাকৃতিক সম্পদক কেন্দ্র কৰি ৰাজ্য অর্থনীতি টনকিয়াল কৰাৰ সুবিধা গ্রহণ কৰিব পাৰে, সেয়া লক্ষণীয় হৈ পৰিছে৷ ৰামেশ্বৰ তেলীয়ে নিজ কার্যকালত অসমৰ তৈলক্ষেত্রখনৰ এক শৃংখলাবদ্ধ ব্যৱস্থাপনা গঢ়ি তুলিব বুলি এতিয়া ৰাজ্যবাসীয়ে গভীৰ আশা প্রকাশ কৰিছে৷ তেলীৰ এনে বাস্তিৱক পদক্ষেপে ৰাজ্যখনৰ তৈল অর্থনীতিৰ সৈতে জড়িত থকা জাতীয় আৱেগক সম্পদলৈ ৰূপান্তৰিত কৰিব বুলি ৰাজ্যবাসী আশাবাদী৷

You might also like