মালিগাঁৱৰ আদিংগিৰিত এসপ্তাহতে পিঞ্জৰাবদ্ধ দ্বিতীয়টো প্রকাণ্ড নাহৰফুটুকী
নিয়মীয়া বাৰ্তা ৩ ছেপ্টেম্বৰঃ মালিগাঁৱৰ আদিংগিৰিত বুধবাৰে সন্ধিয়া পুনৰ এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ হয়৷ যোৱা ২১ আগষ্টত নৰখাদক নাহৰফুটুকীৰ আক্রমণত শিৱম কুমাৰ নামৰ এটি ৬ বছৰীয়া শিশুৰ মৃত্যু হোৱাৰ পাছতে বন বিভাগে আদিংগিৰিত পিঞ্জৰা স্থাপন কৰিছিল৷ ছাগলীক টোপ হিচাপে ব্যৱহাৰ কৰি বন বিভাগে স্থাপন কৰা পিঞ্জৰাত ২৬ আগষ্টৰ নিশা প্রায় ৮.৪৫ বজাত এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ হৈছিল৷ স্থানীয় ৰাইজে আদিংগিৰি পাহাৰত ৪–৫টা নাহৰফুটুকীয়ে বিচৰণ কৰি থকা বুলি বন বিভাগক অৱগত কৰিছিল৷ অঞ্চলটোৰ কেইবাজনো লোকৰ ঘৰত থকা চিচি টিভিৰ কেমেৰাত নিশাৰ ভাগত নাহৰফুটুকীয়ে মুক্ত বিচৰণ কৰি থকাৰ দৃশ্য আবদ্ধ হৈছিল৷ আজি সন্ধিয়া প্রায় ৭.২০ বজাত বন বিভাগে পতা পিঞ্জৰাত দ্বিতীয়টো নাহৰফুটুকী বন্দী হোৱাৰ পাছত অঞ্চলটোৰ ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে৷ অৱশ্যে স্থানীয় ৰাইজে এতিয়াও আদিংগিৰি পাহাৰত কেইবাটাও নাহৰফুটুকী থকা বুলি জানিবলৈ দিছে৷ আদিংগিৰিত মুক্ত বিচৰণ কৰি থকা আটাইকেইটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ হ’লেহে অঞ্চলবাসী বাঘৰ আতংকৰ পৰা মুক্ত হ’ব পাৰিব৷ ইফালে, পিঞ্জৰাবদ্ধ নাহৰফুটুকীটো অসম ৰাজ্যিক চিৰিয়াখানালৈ প্রেৰণ কৰা হয় বুলি আঞ্চলিক বন বিষয়া পংকজ কলিতাই জানিবলৈ দিছে৷