লকডাউনত মহানগৰীত বন্ধ অর্ধ শতাধিক বিস্কুটৰ বেকাৰী
নিয়মীয়া বার্তা, ৪ জুনঃ মহমাৰী ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰবাবে বলবৎ কৰা লকডাউনৰ সময়ছোৱাত মহানগৰীৰ বিভিন্ন ব্যৱসায়িক ক্ষেত্রৰ লগতে স্থানীয়ভাৱে প্রস্তুত কৰা বিসসুট বেকাৰীসমূহে বৃহৎ লোকচানৰ সন্মুখীন হ’বলগা হৈছে৷ লকডাউনৰ সময়ত দুমাহতকৈ ইধক সময় ধৰি বিস্কুট বেকাৰসমূহ সম্পূর্ণৰূপে বন্ধ হৈ থকা ইয়াৰ স্বত্ত্বাাধিকাৰীসকল লগতে কর্মচাৰীসকলৰো অৱস্থা অতি শোচনীয় হৈ পৰিছে৷
জানিব পৰা মতে, সমগ্র মহানগৰীত ৬০ টাতকৈ অধিক সৰু বৰ বিস্কুট প্রস্তুত কৰা বেকাৰী আছে৷ মহানগৰীৰ পানবজাৰস্থিত শ্বেখ ব্রাদাৰর্ছ, সমগ্র মহানগৰীৰ ভিতৰতে এটা প্রতিষ্ঠিত বেকাৰী৷ এই বেকাৰীটোত বিভিন্নধৰণৰ সুস্বাদু বিস্কুট, কেক আদি প্রস্তুত কৰা হয়৷ সেইদৰে পাঞ্জাবাৰীৰ ৰিপ’জ, বামুনীমৈদাম হোলচোম, স্প্রীং ভেলী আদি মহানগৰীৰ বেকাৰীসমূহৰ ভিতৰত একো একোটা ব্রেণ্ড নেমত পৰিণত হৈছে৷ এই বেকাৰীসমূহ প্রস্তুত কৰা বিভিন্ন প্রকাৰ সুস্বাদু তথা মুখৰোচক বিস্কুট, কেক, ব্রেড আদি মহানগৰবাসীৰ মাজত খুবেই জনপ্রিয়৷ বামুনীমৈদামৰ হোলচোম বেকাৰীৰ এজন কর্মচাৰীয়ে জনোৱা মতে উক্ত উল্লেখিত বেকাৰীসমূহৰ লগতে ভাই–ভাই, মুনলাইট নীলিমা সুচিত্রা আদি নামেৰে ৫০ টাৰো অধিক বেকাৰী আছে৷ এই বেকাৰীসমূহত বিস্কুট প্রস্তুত কৰা কর্মচাৰী, বিস্কুট বিতৰণ কৰা কর্মচাৰী, চালককে ধৰি প্রায় ২ হাজাৰৰো অধিক লোক জড়িত হৈ আছে৷ কিন্তু লকডাউনৰ সময়ত এই সৰু–ডাঙৰ বিস্কুট বেকাৰীসমূহ দুমাহতকৈ অধিক সময় বন্ধ হৈ থকাত ইয়াৰ স্বত্ত্বাাধিকাৰীকে ধৰি কর্মচাৰীসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে৷
হোলচোমৰ কর্মচাৰীজনে জনোৱা মতে বিস্কুট বেকাৰীসমূহৰ স্বত্বাধিকাৰীসকল যোৱা সময়ছোৱাত বেকাৰী বন্ধ থকাৰ বাবে আর্থিক সংকটৰ সন্মুখীন হোৱাত শেহতীয়াকৈ চৰকাৰে লকডাউন কিছু শিথিল কৰিছে যদিও বেকাৰীসমূহ খুলিব পৰা নাই৷ কাৰণ বিস্কুট, কেক, ভূজিয়া, ব্রেড আদি বনাবৰ বাবে প্রয়োজনীয় বস্তু আনিবলৈ ধনৰ অভাৱ হোৱাত বহু স্বত্বাধিকাৰীয়ে বেকাৰী খোলাৰ সাহস কৰা নাই৷ ফলত ইয়াৰ কর্মচাৰীসকলৰ অৱস্থা অধিক শোচনীয় হৈ পৰিছে৷