ৱামানিয়াছৰ ম’বাইল এপ মুকলি ৰিণিকি ভূঞা শর্মাৰ
নিয়মীয়া বাৰ্তা ১৫ নৱেম্বৰঃ গুৱাহাটীৰ মহিলাসকলৰ এক মঞ্চ ৱামানিয়াছে কালি অনুষ্ঠিত কৰে এক মত বিনিময় অনুষ্ঠানৰ৷ চিৰিয়াখানা ৰোডৰ গুৱাহাটী চেণ্ড্রেলৰ চতুর্থ মহলাত অৱস্থিত টি–ছিৰিজ ষ্টেজৱর্কছ একাডেমীৰ চৌহদত আয়োজিত এই অনুষ্ঠানত ৱামানিয়াছৰ সকলো সদস্যই অংশগ্রহণ কৰে৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মহিলা উদ্যোগী তথা প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাই৷ অনুষ্ঠানত বিখ্যাত ফেশ্বন ডিজাইনাৰ পায়েল চাড্ডা, ৱামানিয়াছৰ প্রতিষ্ঠাপক দিব্যা চিওটিয়া, নীতা শর্মা, নূপুৰ আগৰৱাল, জানৱী বাজাজ, ছুইটী আগৰৱালাৰ লগতে অন্যান্য সদস্যসকল উপস্থিত থাকে৷ মুখ্য অতিথি ৰিণিকি ভূঞা শর্মাই ৱামানিয়াছৰ অফিচিয়েল এপটো আনুষ্ঠানিকভাৱে মুকলি কৰে৷ তেওঁ কয় যে কর্মৰত মহিলাসকলে মহিলা আৰু যুৱতীক আগুৱাই নিয়াৰ দিশত ৱামানিয়াছে কৰি থকা কামৰ পৰা যথেষ্ট লাভান্বিত হ’ব৷
এইটো এটা মঞ্চ যিয়ে মহিলাসকলক তেওঁলোকৰ প্রতিভা প্রদর্শন কৰিবলৈ আৰু তেওঁলোকক আগুৱাই নিবলৈ উৎসাহিত কৰে৷ তেওঁ লগতে ব্যক্ত কৰে যে ৱামানিয়াছৰ এই এপটো মুকলি কৰাৰ লগে লগে ছোৱালী আৰু মহিলাসকলে অধিক লাভান্বিত হ’ব৷ ৱামানিয়াছৰ প্রতিষ্ঠাপক দিব্যা চিওটিয়াই কয় যে ৱামানিয়াছত যোগদান কৰাৰ পিছত মহিলাসকল আগবাঢ়ি আহিছে আৰু বিভিন্ন কামৰ ক্ষেত্রত ডৎসাহিত হৈছে৷ প্রতিদিনে অধিকসংখ্যক মহিলাই এই বৃহৎ নেটৱর্কত যোগদান কৰিছে যিটো এতিয়া উত্তৰ–পূবত আছে কিন্তু সোনকালেই সমগ্র ভাৰতত বিয়পি পৰিব বুলি তেওঁ ডল্লেখ কৰে৷ ৱামানিয়াছৰ সহ প্রতিষ্ঠাপক নীতা শর্মাই কয় যে এনে অনুষ্ঠানবোৰে কেৱল মহিলাসকলক ইজনে–সিজনক জানিবলৈ সুযোগ প্রদান নকৰে, লগতে নতুন ধাৰণা বিনিময় কৰে৷ সহ প্রতিষ্ঠাপক নূপুৰ আগৰৱালে কয় যে এণ্ড্রইড ম’বাইলৰ প্লে’ ষ্টোৰলৈ গৈ ৱামানিয়াছৰ এপটো ডাউনলোড কৰিব পাৰিব৷ তেওঁ লগতে কয় যে ৱামানিয়াছ ইণ্ডিয়া ৱেব ডিজাইন কৰিছে ডিজাইনাৰ চাৰু–পাবান জ্যোতি ভূঞাই৷ এপটো কেৱল সদস্যসকলৰ বাবেই উপলব্ধ নহয়, সাধাৰণ ৰাইজৰ বাবেও উপলব্ধ হ’ব যিয়ে কেৱল ৱামানিয়াছৰ ম’বাইল এপত তেওঁলোকৰ সুবিধা অনুসৰি ডাউনলোড আৰু ক্রয় কৰিব পাৰিব আৰু আকর্ষণীয় ৰেহাই, অফাৰ আৰু সেৱা লাভ কৰিব৷