নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাতৃৰ পৰকীয়া প্রেমৰ বাবেই হত্যাৰ বলি হ’ল নেকি নেহা কুমাৰী?

  • নেহাৰ মাতৃৰ ওচৰলৈ সঘনে অহা কোন এই ভট্টাচার্য?
  • দুদিনতে কিদৰে উৱলি গ’ল মৃতদেহ?
  • দিল্লীস্থিত প্রেমিক ৰাহুলক লৈ আৰক্ষীৰ অভিযান

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ ৰঙালী বিহুৰ আনন্দ–উল্লাসৰ মাজতে গুৱাহাটী মহানগৰীৰ পাটৰকুছিৰ নেহা কুমাৰী নামৰ ২০ বছৰীয়া যুৱতীগৰাকীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে৷ যোৱা ১৩ এপ্রিলত পাটৰকুছিৰ এটা পিতনিত অর্ধনগ্ন অৱস্থাত নেহাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে প্রাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে৷

মহানগৰ আৰক্ষীয়ে তদন্তৰ খাটিৰত কোনো তথ্য প্রকাশ কৰা নাই যদিও নেহা কুমাৰীৰ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত এতিয়ালৈকে ৯জন লোকক সোধা–পোছা অব্যাহত ৰাখিছে৷

১০ এপ্রিলৰ দুপৰীয়া নেহাই কাটিং এণ্ড এম্ব্রইডাৰীৰ প্রশিক্ষণ সামৰি দিল্লীস্থিত প্রেমিক ৰাহুল গুপ্তাৰ সৈতে ফোনত কথা পাতি ঘৰলৈ গৈ আছিল৷ ফোনত কথা পাতি থকাৰ সময়তে ৰাহুলে নেহাৰ চিঞৰ শুনা পাইছিল৷ ইয়াৰ ঠিক কিছু সময়ৰ পিছতে দুপৰীয়া প্রায় ১.৪৮ বজাত নেহাৰ ফোনৰ ছুইচ অফ হৈ পৰিছিল৷

আৰক্ষীয়ে এই কথাৰ আঁত ধৰি প্রেমিক ৰাহুলক গুৱাহাটীলৈ মাতি পঠিয়াইছিল৷ আৰক্ষীৰ নির্দেশমর্মে প্রেমিকা নেহাৰ হত্যাকাৰীক বিচাৰি উলিওৱাত সহায় কৰিবলৈ দেওবাৰে দিল্লীৰ পৰা গুৱাহাটীত উপস্থিত হয় ৰাহুল৷

বশিষ্ঠ থানাত ৰাহুল উপস্থিত হোৱাৰ পিছতে আৰক্ষীয়ে ৰাহুলক লৈ নেহাৰ ফোনৰ অৱস্থিতি পর্যবেক্ষণ কৰি পাটৰকুছিৰ উক্ত ঠাইডোখৰত উপস্থিত হয়৷ আৰক্ষীয়ে ৰাহুলক নেহাৰ অর্ধনগ্ন মৃতদেহ উদ্ধাৰ হোৱা পিতনি আৰু পৰিধান কৰা পোছাক উদ্ধাৰ হোৱা স্থানডোখৰ দেখুৱায়৷ শোকবিহ্বল ৰাহুলে আৰক্ষীক নেহাৰ হত্যাকাৰীক শীঘ্রে কৰায়ত্ত কৰাৰ কাতৰ আহ্বান জনায়৷

মহানগৰ আৰক্ষীৰ এক শীর্ষসূত্রই নেহাৰ হত্যা সন্দর্ভত কেতবোৰ বিস্ফোৰক তথ্য প্রকাশ কৰিছে৷ ১০ এপ্রিলত নেহাৰ ফোনৰ ছুইচ বন্ধ হোৱাৰ পিছতে নেহাৰ মাতৃক ৰাহুলে এই কথা অৱগত কৰিছিল৷ দিনৰ ১.৪৮ বজাৰ পৰা সন্ধিয়া ৬.৩০ বজালৈকে নেহাৰ মাতৃয়ে বিষয়টো গুৰুত্বসহকাৰে লোৱা নাছিল৷ কিন্তু সন্ধিয়া প্রায় ৬.৩০ বজাত নেহাৰ মাতৃয়ে বশিষ্ঠ থানাত নেহা নিৰুদ্দেশ হোৱা বুলি এজাহাৰ দাখিল কৰে৷

উক্ত এজাহাৰৰ ভিত্তিত ৩৪৬/২০২১ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছিল৷ কিন্তু আৰক্ষীয়ে নেহাৰ সন্ধান উলিয়াব পৰা নাছিল৷ ১৩ এপ্রিলত পাটৰকুছিৰ পিতনিত উদ্ধাৰ হোৱা এটা অর্ধনগ্ন মৃতদেহটো নেহাৰ বুলি চিনাক্ত কৰে পৰিয়ালৰ লোকে৷ বশিষ্ঠ থানাত এজাহাৰ দাখিল কৰাৰ পিছতে ৰহস্যজনকভাৱে নেহাৰ মাতৃ ৰহস্যজনকভাৱে অন্তর্ধান হৈ দুদিন ঘৰত নাছিল৷

উক্ত দুটা দিন নেহাৰ মাতৃ ক’ত আছিল সেই সন্দর্ভতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ ইয়াৰ উপৰি নেহাৰ মাতৃয়ে জনৈক ভট্টাচার্য উপাধিৰ এজন লোকৰ সৈতে অবৈধ সম্পর্ক বজাই ৰখাৰ অভিযোগ কৰিছিল স্থানীয় ৰাইজে৷

ৰাইজৰ অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে নেহাৰ মাতৃ, জনৈক ভট্টাচার্যকে ধৰি ৯জন লোকক নেহাৰ হত্যাকাণ্ড সন্দর্ভত সোধা–পোছা অব্যাহত ৰাখিছে৷ নেহাৰ মৃতদেহ আৰু কাপোৰ উদ্ধাৰ হোৱা স্থানত আৰক্ষীয়ে উদ্ধাৰ কৰা চেণ্ডেলৰ গৰাকীক বিচাৰিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

নেহাক মৃত্যুৰ পূর্বে ধর্ষণ কৰা হৈছিল নেকি, সেই তথ্য মৰণোত্তৰ পৰীক্ষা আৰু ফৰেনছিকৰ প্রতিবেদন পোৱাৰ পিছতহে নিশ্চিত হ’ব পৰা যাব৷ ১০ এপ্রিলৰ দুপৰীয়া ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱা নেহাৰ মৃতদেহ ১৩ এপ্রিলৰ পুৱা পাটৰকুছিৰ পিতনিত আৰক্ষীয়ে উৱলি যোৱা অৱস্থাতহে উদ্ধাৰ কৰিছিল৷

হত্যাকাৰীয়ে নেহাৰ মৃতদেহত ৰাসায়নিক পদার্থ ছটিয়াই নষ্ট কৰিব বিচৰা দিশটোও আৰক্ষীয়ে তদন্তৰ আওতালৈ আনিছে৷ নেহাৰ হত্যাকাণ্ডৰ লগত পৰিয়ালৰ লোক নে আন কোনো দুষ্টচক্র জড়িত, সেয়া আৰক্ষীৰ তদন্তত স্পষ্ট হ’ব৷

You might also like