নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱবর্ষতে গুৱাহাটীবাসীলৈ ৯খন ফুটব্রিজ

৯০ কোটি টকা ব্যয়েৰে গড়কাপ্টানী বিভাগে পূর্ণগতিত চলাইছে নির্মাণৰ কাম

নিয়মীয়া বাৰ্তা ৪ ছেপ্টেম্বৰঃ  স্মার্টচিটীৰ তালিকাত অন্তর্ভুক্ত হোৱা গুৱাহাটী মহানগৰীৰ আধুনিকীকৰণৰ অংশ হিচাপে দুখনকৈ উৰণীয়া সেতু আৰু ৯খনকৈ ফুটব্রিজ নির্মাণৰ কাম আৰম্ভ কৰিছে৷ লকডাউন–আনলকৰ মাজতে গড়কাপ্টানী বিভাগে গণেশগুৰি আৰু দিছপুৰ উৰণীয়া সেতু নির্মাণৰ সমান্তৰালকৈ ৯টা স্থানত ফুটব্রিজ নির্মাণৰ কামো দ্রুতগতিত চলাই আছে৷ যান–জঁটৰ সমস্যাৰ পৰা মহানগৰবাসীক সকাহ দিয়াৰ লগতে পথচাৰীয়ে নিৰাপদে পথ অতিক্রম কৰাৰ প্রতি লক্ষ্য ৰাখি গড়কাপ্টানী বিভাগে খানাপাৰাৰ ৰিছার্চ গেট, গণেশগুৰিৰ কৰ ভৱন, জি এছ ৰোডৰ ৱালফ’ড, পোষ্ট অফিচ আৰু লাচিত নগৰ, এম জি ৰোডৰ শুক্রেশ্বৰ মন্দিৰ, কামাখ্যা বিশ্বকর্মা মন্দিৰ, বড়িপাৰা আৰু আদাবাৰীত ৯খনকৈ ফুটব্রিজ নির্মাণৰ কাম আৰম্ভ কৰিছে৷ গড়কাপ্ঢানী বিভাগৰ এক শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি প্রায় ৯০ কোটি টকা ব্যয়েৰে এই ফুটব্রিজকেইখনৰ কাম আৰম্ভ কৰা হৈছে৷ ২০২১ চনৰ ফেব্রুৱাৰী মাহৰ ভিতৰত এই ফুটব্রিজকেইখনৰ নির্মাণৰ কাম সম্পূর্ণ কৰা হ’ব৷ এই ফুটব্রিজকেইখনত পথচাৰীৰ সুবিধাৰ প্রতি লক্ষ্য ৰাখি শীত–তাপ নিয়ন্ত্রিত লিফটৰ লগতে অত্যাধুনিক এস্কেলেটৰৰ ব্যৱস্থা থাকিব৷ ইতিমধ্যে গড়কাপ্ঢানী বিভাগে ফুটব্রিজকেইখনৰ নির্মাণৰ কাম পূর্ণগতিত চলাই আছে৷ উল্লেখ্য যে পূর্বতে গুৱাহাটী মহানগৰীত পথচাৰীৰ সুবিধাৰ বাবে দিছপুৰ, লাচিত নগৰ, শুক্রেশ্বৰ মন্দিৰ আৰু মালিগাঁৱত চাৰিখন ফুটব্রিজ নির্মাণ কৰিছিল৷ শুক্রেশ্বৰ মন্দিৰৰ সমীপত থকা ফুটব্রিজখন ভাঙি গড়কাপ্ঢানী বিভাগে পুনৰ আধুনিক ৰূপত নির্মাণৰ কাম আৰম্ভ কৰিছে৷ গুৱাহাটী মহানগৰীত নতুনকৈ ৯খন ফুটব্রিজ নির্মাণ হ’লে মহানগৰীখনৰ বিভিন্ন স্থানত মুঠ ১২খন ফুটব্রিজ হ’ব৷ এই ফুটব্রিজকেইখনে যান–জঁটৰ সমস্যা যথেষ্ট পৰিমাণে হ্রাস কৰাৰ লগতে পথচাৰীয়ে নিৰাপদে পথ অতিক্রম কৰিব পাৰিব৷ প্রায় ২০ লক্ষ লোকে বসবাস কৰা গুৱাহাটী মহানগৰীত যান–জঁটৰ সমস্যা সমাধানৰ ক্ষেত্রত নতুনকৈ নির্মাণৰত উৰণীয়া সেতু আৰু ফুটব্রিজকেইখনে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব৷ গণেশগুৰিত নির্মাণৰত উৰণীয়া সেতুখন অক্টোবৰ মাহত যাতায়াতৰ বাবে মুকলি কৰা হ’ব বুলি গড়কাপ্ঢানী মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছে৷ ফেব্রুৱাৰী মাহৰ ভিতৰত দিছপুৰত নির্মাণৰত উৰণীয়া সেতু আৰু ৯খন ফুটব্রিজ যাতায়াতৰ বাবে মুকলি কৰা হ’ব৷

You might also like