নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰ আৰক্ষীৰ অভিযানত ৩০ টন ৰড উদ্ধাৰ

ৰাজ্যত সক্রিয় মালভর্তি ট্রাক অপহৰণকাৰী চক্র

নিয়মীয়া বাৰ্তা ৪ ছেপ্টেম্বৰঃ  ৰাজ্যত পুনৰ সক্রিয় হৈ পৰিছে মালবাহী ট্রাক অপহৰণকাৰী চক্র৷ শেহতীয়াকৈ দুখন ৰডভর্তি ট্রাক অপহৰণ কৰা ঘটনা সন্দর্ভত মহানগৰ আৰক্ষীয়ে অভিযান চলাই চক্রটোৰ তিনি সদস্যক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত অপহৰণকাৰীকেইটা ক্রমে গুৱাহাটীৰ পিংকু কুমাৰ (৩১), পাঞ্জাবৰ জজবীৰ সিং (৪২) আৰু সৰৱজিৎ সিং (৩৯)৷ কলকাতাৰ দুর্গাপুৰৰ পৰা ত্রিপুৰাৰ আগৰতলালৈ দুখন ট্রাকত ৰড আনি থকাৰ সময়তে চক্রটোৱে চালকক মাৰপিট কৰি ৰডসহ ট্রাক দুখন লৈ যায়৷ ঘটনা সন্দর্ভত বশিষ্ঠ থানাত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত কৰি তিনিটা চোৰক গ্রেপ্তাৰ কৰাৰ লগতে গুৱাহাটী আৰু মেঘালয়ৰ পৰা ট্রাক দুখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত চোৰকেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি কৰিমগঞ্জৰ কামৰাং হার্ডৱেৰৰ পৰা ৩০ টন চুৰি ৰড উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি পূব আৰক্ষী জিলাৰ সহকাৰী আৰক্ষী আয়ুক্ত পুনম পেগুৱে জানিবলৈ দিছে৷

You might also like