এতিয়াৰ পৰা আৰক্ষী বিষয়া বদলি হ’লেও সলনি নহয় ম’বাইল নম্বৰ
জনসম্পর্ক শক্তিশালী কৰাৰ প্রয়াস মহানগৰ আৰক্ষীৰ
নিয়মীয়া বার্তা, ৫ আগষ্টঃ অপৰাধীৰ ৰম্যভূমিত পৰিণত হোৱা গুৱাহাটী মহানগৰীৰ আইন–শৃংখলাজনিত পৰিস্থিতিক লৈ অধিক তৎপৰ হৈ পৰিছে মহানগৰ আৰক্ষী৷ মহানগৰীত সংঘটিত হোৱা চুৰি–ডকাইতিকে ধৰি অন্যান্য অপৰাধ নিয়ন্ত্রণৰ বাবে আৰক্ষী–প্রশাসনে সকলো থানা এলেকাৰ নাগৰিক সমিতিৰ সৈতে সঘনাই সভা অনুষ্ঠিত কৰি বিহিত ব্যৱস্থা গ্রহণৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে৷
তদুপৰি আৰক্ষী আৰু সাধাৰণ জনতাৰ মাজত থকা সমন্বয়ৰ এনাজৰীডাল আৰু অধিক মজবুত কৰিবলৈ মহানগৰ আৰক্ষীয়ে কেতবোৰ নতুন প্রচেষ্টা গ্রহণ কৰিছে৷ বিশেষকৈ সাধাৰণ নাগৰিকৰ সুবিধাৰ প্রতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষী বিষয়াসকলৰে যোগাযোগৰ বাবে এতিয়াৰ পৰা বিষয়াসকলৰ বিশেষ ম’বাইল নম্বৰ মুকলি কৰিছে৷
মহানগৰ আৰক্ষীৰ এক উচ্চস্তৰীয় সূত্রই সদৰী কৰা মতে এতিয়াৰে পৰা মহানগৰ আৰক্ষী আয়ুক্ত, যুটীয়া আৰক্ষী আয়ুক্ত, ডিচিপি, এচিপি আৰু থানাৰ ভাৰপ্রাপ্ত বিষয়াসকলৰ বাবে নির্দিষ্ট ম’বাইল নম্বৰ মুকলি কৰি অসম আৰক্ষীৰ বেৱছাইটত উপলব্ধ কৰিছে৷
উল্লেখ্য যে এতিয়াৰে পৰা বিষায়সকল বদলি হ’লেও সাধাৰণ জনতাই একেটা নম্বৰতে নতুনকৈ যোগদান কৰা বিষয়াজনৰ লগত যোগাযোগ কৰিব পাৰিব বুলি মহানগৰ আৰক্ষীৰ সূত্রটোৱে জানিবলৈ দিছে৷