নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ৰ নীতি–নির্দেশনা উলংঘাৰে মহানগৰীৰ বজাৰত গ্রাহকৰ ভিৰ

বজাৰত আৰক্ষীক অভিযান চলোৱাৰ আহ্বান সচেতন লোকৰ

নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ যি সময়ত ক’ভিডৰ সংক্রমণ ৰোধৰ বাবে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে, ঠিক সেই সময়তে মহানগৰীত একাংশই ভংগ কৰিছে সকলো নীতি নিয়ম৷ চিটীবাছৰ পৰা আৰম্ভ কৰি মহানগৰীৰ বিভিন্ন বজাৰত মাস্ক পৰিধান নকৰাকৈ টিঘিলঘিলাই আছে বহু লোক৷ মাস্ক পৰিধান নকৰাসকলৰ বিৰুদ্ধে ৫০০টকাৰ জৰিমনায়ো তলাব পৰা নাই একাংশ লোকক৷ যাৰ বাবে বুধবাৰে মহানগৰীৰ গণেশগুৰিৰ বজাৰত মাস্ক পৰিধান নকৰাকৈ বজাৰত উবুৰি খাই পৰিল সামাজিক সচেতনতা নথকা একাংশ লোক৷মুখত মাস্ক পিন্ধিলে কি হ’ব, কাণেৰে ভাইৰাছ সোমাব, চকুৰে সোমাব৷ আমি তামোল খাঁও গতিকে আমাৰ মুখেৰে সোমাব নোৱাৰে ভাইৰাছ৷ এনেধৰণৰ অদ্ভুত মন্তব্য দিলে একাংশ লোকে ৷ সমান্তৰালভাৱে, বেলতলা বজাৰ, চানমাৰি, শিলপুখুৰীৰ বজাৰতো মাস্ক পৰিধান নকৰাকৈ পিটপিটাই ফুৰিল বহু লোক৷ একাংশই যদি থুঁতৰিত আন একাংশই কঁকালত ওলমাই লৈ ঘূৰি ফুৰিলবজাৰত৷ ক’ৰোনাক লৈ যেন এওঁলোকৰ কোনো ভয়ে নাই৷ এতিয়াও ক’ৰোনাক লৈ ল’ৰা–ধেমালি কৰি আছে একাংশ লোকে৷ আনহাতে, এইবজাৰসমূহত কোনোধৰণৰ জৰিমনা লোৱাৰ ব্যৱস্থা আৰক্ষীয়ে গ্রহণ নকৰাৰ বাবে একাংশ লোকে সুযোগ পোৱা বুলি মন্তব্য কৰিছে ব্যৱসায়ীয়ে৷ ইয়াৰ বিপৰীতে, ক’ৰোনা ধেমালি নহয় ৰাইজে বুজক, আমাৰ দুজন আত্মীয় ক’ৰোনাত ঢুকাইছে৷বজাৰ কৰিবলৈ আহি ৰাইজক মাস্ক পৰিধান কৰিবলৈ এনেদৰে আহ্বান জনালে এগৰাকী সচেতন মহিলাই৷ মুঠতে ক’ৰোনাৰ আক্রান্তৰ সংখ্যা দ্রুত হাৰত বৃদ্ধি পালেও এতিয়াও সজাগ হোৱা নাই মহানগৰীৰ একাংশ লোক৷

You might also like