আগষ্টৰ পৰা অ’লা–উবেৰ বর্জন কৰিব কেবচালক সন্থাইঃ পে–ইণ্ডিয়াৰ অন্তর্ভুক্ত হ’ব গুৱাহাটীৰ সহস্রাধিক চালক
নিয়মীয়া বাৰ্তা ২৫ জুলাইঃ বহুজাতিক কোম্পানী অ’লা–উবেৰ কর্তৃপক্ষই বছৰৰ পাছত বছৰ ধৰি কেবচালকসকলক লুণ্ঠন চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সদৌ গুৱাহাটী কেবচালক সন্থাই৷ অ’লা–উবেৰ কর্তৃপক্ষই চলাই অহা শোষণ সন্দর্ভত কেবচালক সন্থাই বহুবাৰ অ’লা–উবেৰ কর্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হৈছিল৷ কিন্তু কেবচালক সন্থাৰ দাবীসমূহ পূৰণৰ ক্ষেত্রত অ’লা–উবেৰ কর্তৃপক্ষই কোনো গুৰুত্ব প্রদান নকৰিলে৷ ইয়াৰ পাছতে কেবচালক সন্থাই অ’লা–উবেৰ কর্তৃপক্ষৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্রতিবাদ সাব্যস্ত কৰি আহিছে৷ চালকসকলৰ প্রতিবাদৰ পাছতো অ’লা–উবেৰ কর্তৃপক্ষই তেওঁলোকৰ দাবীসমূহ পূৰণ নকৰাত সদৌ গুৱাহাটী কেবচালক সন্থাই অহা ১ আগষ্টৰ পৰা অ’লা–উবেৰ বর্জনৰ সিদ্ধান্ত গ্রহণ কৰে৷
লক্ষণীয় যে গুৱাহাটী মহানগৰীত অ’লা আৰু উবেৰত প্রায় ১৫ হাজাৰ শিক্ষিত নিবনুৱাই কেব চলাই পৰিয়াল পোহপাল দি আহিছিল৷ কিন্তু অ’লা–উবেৰ কর্তৃপক্ষৰ মইমতালিৰ বাবে বর্তমান ৫ হাজাৰ চালকেহে অ’লা–উবেৰত কেব চলাই আছে৷ বিগত ৩ বছৰ ধৰি বহুজাতিক কোম্পানী অ’লা–উবেৰে কেবচালকসকলক চলাই অহা শোষণৰ বাবে অহা ১ আগষ্টৰ পৰা অ’লা–উবেৰ বর্জনৰ দৰে চৰম সিদ্ধান্ত গ্রহণ কৰে বুলি সদৌ গুৱাহাটী কেবচালক সন্থাৰ সভাপতিয়ে জানিবলৈ দিছে৷ সন্থাৰ সভাপতিগৰাকীয়ে জানিবলৈ দিয়া মতে ১ আগষ্টৰ পৰা অ’লা–উবেৰ বর্জন কৰি গুৱাহাটীৰ কেবচালকসকলে পে–ইণ্ডিয়া(Peindia) নামৰ কোম্পানীটোৰ সৈতে চুক্তিবদ্ধ হ’ব৷
গুৱাহাটীৰ যুৱ ব্যৱসায়ী ৰবি চৌধুৰী মালিকাধীন পে–ইণ্ডিয়া নামৰ কোম্পানীটোৰ অধীনত কেব চলাবলৈ সিদ্ধান্ত গ্রহণ কৰিছে সদৌ গুৱাহাটী কেবচালক সন্থাই৷ পে–ইণ্ডিয়াৰ সঞ্চালক ৰবি চৌধুৰীয়ে জানিবলৈ দিয়া মতে পে–ইণ্ডিয়া কেব নামৰ এপটোৰ জৰিয়তে গ্রাহকসকলে অ’লা–উবেৰৰ দৰেই কেব বুকিং কৰিব পাৰিব৷ ইতিমধ্যে পৰিবহণ বিভাগৰ পৰাও যাৱতীয় অনুজ্ঞাপত্র পে–ইণ্ডিয়াই লাভ কৰিছে৷
পৰীক্ষামূলকভাৱে পে–ইণ্ডিয়াই গুৱাহাটীত কেব চলাই আছে৷ এতিয়ালৈকে প্রায় ২ হাজাৰ কেবচালকে পে–ইণ্ডিয়াত পঞ্জীয়ন কৰিছে৷ অহা ১০–১৫ দিনৰ ভিতৰত গুৱাহাটীত পে–ইণ্ডিয়া কেব আনুষ্ঠানিকভাৱে গ্রাহকৰ বাবে মুকলি কৰিব৷ পে–ইণ্ডিয়াত পঞ্জীয়নভুক্ত কেবচালকসকলে ৫০০ টকাৰ ওপৰত ভাৰা মাৰিলে প্রতিদিনে জিএছটিসহ ১১৮ টকা আদায় দিব লাগিব৷ ৫০০ টকাৰ তলত ভাৰা মাৰিলে চালকসকলে কোম্পানীক কোনো ধৰণৰ মাচুল আদায় দিব নালাগে৷ উদ্যমী অসমীয়া যুৱকৰ পে–ইণ্ডিয়াই বহুজাতিক কোম্পানী অ’লা–উবেৰক প্রত্যাহ্বান জনাব পাৰিব নে নোৱাৰে সেয়া সময়তহে লক্ষণীয় হ’ব৷