ৰিক্সাৰে গৈ থকা অৱস্থাত অসুস্থ যুৱক, জিএমচিএইচত মৃত্যু
নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ মহানগৰীৰ পাঞ্জাবাৰীত দেওবাৰে ৰিক্সাৰে গৈ থকা অৱস্থাত ৰহস্যজনকভাৱে এজন যুৱকৰ মৃত্যু হয়৷ মৃত যুৱকজন ত্রিপুৰাৰ আনন্দ নগৰৰ অভিক নন্দী বুলি চিনাক্ত কৰা হৈছে৷ আৰক্ষী সূত্রে জানিব পৰা মতে, যুৱকজনে ডাউন টাউনৰ পৰা দেওবাৰে দুপৰীয়া এখন ৰিক্সাৰে পাঞ্জাবাৰীলৈ গৈ থাকোঁতে ৰিক্সাৰ ওপৰতে যুৱকজন হঠাৎ অসুস্থ হৈ পৰে৷ পিছত ৰিক্সাৰ পৰা নমাই পথচাৰীয়ে যুৱকজনৰ মূৰত পানী ঢ়ালি থকাৰ সময়তে যুৱকজনৰ নাক আৰু মুখেৰে ফেন ওলাই আহে৷ পিছত পথচাৰীয়ে আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে ১০৮যোগে যুৱকজনক জিএমচিএইচলৈ প্রেৰণ কৰে৷ জিএমচিএইচত প্রাথমিক চিকিৎসাৰ অন্তত চিকিৎসকে যুৱকজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ অত্যধিক ড্রাগ্ছ সেৱনৰ ফলত যুৱকজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰে যদিও মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদনৰ পিছতহে প্রকৃত সত্য পোহৰলৈ আহিব বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ অৱশ্যে যুৱকজনৰ দেহত মৃগী বেমাৰৰ লক্ষণ থকা বুলি আন একাংশ লোকে সন্দেহ কৰিছে৷ আৰক্ষীয়ে ঘটনা সন্দর্ভত তদন্ত অব্যাহত ৰখাৰ লগতে পৰিয়ালৰে যোগাযোগ কৰি থকা বুলি জনাইছে৷