এজন ডাক্তৰ–দুগৰাকী নার্ছেৰে চলিছে ১২৬ বছৰীয়া পাণবজাৰ আৰক্ষী হাস্পতাল
মহানগৰীৰ মাজমজিয়াত ব্রিটিছৰ যুগৰে এখন হাস্পতালৰ দুৰৱস্থা
নিয়মীয়া বাৰ্তা ৩০ জানুৱাৰীঃ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাত নিয়োজিত আৰক্ষী বিষয়া–জোৱানৰ চিকিৎসাৰ বাবে গুৱাহাটীত ব্রিটিছৰ শাসনকালত স্থাপন কৰা হৈছিল এখন আৰক্ষী চিকিৎসালয়৷ ১৮৯৫ চনতে স্থাপন কৰা এই চিকিৎসালয়খন গৃহ বিভাগৰ অদূৰদর্শিতাৰ বাবে এলাগী হৈ পৰি ৰৈছে৷ ১২৬ বছৰ গৰকা চিকিৎসালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে স্বাস্থ্য বিভাগ, গৃহ বিভাগ, আৰক্ষী সঞ্চালকপ্রধান, আৰক্ষী আয়ুক্তকে ধৰি দায়িত্বপ্রাপ্ত বিষয়াসকলে আজিলৈকে কোনো পৰিকল্পনা গ্রহণ কৰা পৰিলক্ষিত নহ’ল৷ দায়িত্বপ্রাপ্ত বিষয়া–কর্মচাৰীৰ অদূৰদর্শিতাৰ বাবে শতাধিক বছৰৰ ইতিহাসসমৃদ্ধ এই চিকিৎসালয়খন এতিয়া মৃত্যুৰ মুখলৈ গতি কৰিছে৷ এজন চিকিৎসক, দুগৰাকী নার্ছ, এজন ফার্মাচিষ্টকে ধৰি মাত্র কেইগৰাকীমান কর্মচাৰীৰে বছৰৰ পাছত বছৰ ধৰি চিকিৎসালয়খনত চিকিৎসা প্রদান কৰি থকা হৈছে৷ এই শতবর্ষ গৰকা চিকিৎসালয়খনত নাই তেজ পৰীক্ষাৰ নূ্যনতম সা–সুবিধাও৷ একবিংশ শতিকাৰ এই যুগতো পুলিচ হাস্পতালখনত আছে মাত্র এটা আওপুৰণি এক্স–ৰে’ মেচিন আৰু ই চি জি মেচিন৷ চিকিৎসালয়খনত ডাঃ ইন্দ্র কমল হাজৰিকা নামৰ জ্যেষ্ঠ স্বাস্থ্য বিষয়াজন অধীক্ষক হিচাপে আছে যদিও চিকিৎসালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে পৰিকল্পনা গ্রহণ কৰাটো দূৰৰে কথা, চিকিৎসালয়খন পৰিষ্কাৰ–পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্রতো কোনো গুৰুত্ব প্রদান কৰা নাই৷
ফলস্বৰূপে এক কদর্য পৰিৱেশৰ মাজত এলাগী হৈ পৰি ৰৈছে চিকিৎসালয়খন৷ অৱশ্যে পুলিচ হাস্পতালত কর্মৰত চিকিৎসক, নার্ছকে ধৰি কর্মচাৰীসকলে প্রতিদিনে নিয়মমাফিক কর্তব্য সম্পাদন কৰি আহিছে৷ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ দায়িত্বত অতন্দ্র পহৰী হৈ থকা আৰক্ষী বিষয়া, কনিষ্টবল জোৱানসকলৰ চিকিৎসাৰ বাবে স্থাপন কৰা হাস্পতালখনত চিকিৎসক, চিকিৎসা কর্মী আৰু ঔষধ–পাতিৰ অভাৱ৷ চিকিৎসালয়খনলৈ অহা ৰোগীৰ বাবে ৬–৭খনমান বিছনা আছে যদিও আটাইকেইখন মামৰে ধৰি জৰাজীর্ণ হৈ আছে৷ চিকিৎসালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্রাক্তন আৰক্ষী সঞ্চালকপ্রধান প্রয়াত শংকৰ বৰুৱাই ২০০৫ চনৰ ২০ জুলাইত পাণবজাৰত হাস্পতালখনৰ দুমহলীয়া অট্টালিকাৰ আধাৰশিলা স্থাপন কৰিছিল৷ পুলিচ হাস্পতালৰ দুমহলীয়া অট্টালিকা নির্মাণ হোৱাৰ পাছতো চিকিৎসালয়খনত অত্যাধুনিক সা–সুবিধাযুক্ত চিকিৎসা সেৱা লাভৰ পৰা আৰক্ষী বিষয়া–জোৱান–কনিষ্ বঞ্চিত হৈ আহিছে৷ গৃহ বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবে শতবর্ষ গৰকি যোৱাৰ পাছতো এই চিকিৎসালয়খনৰ আন্তঃগাঁথনি উন্নয়ন নহ’ল৷ ফলস্বৰূপে এই দুমহলীয়া চিকিৎসালয়খনৰ ভূমি মহলাতে আজিও কদর্য পৰিৱেশৰ মাজত কর্মচৰীয়ে দায়িত্ব পালন কৰি আছে৷ চিকিৎসালয়খনৰ বিছনাকে ধৰি বহু আচবাব ভাঙি গৈছে৷ শৌচাগাৰ আৰু প্রস্রাৱাগাৰৰ অৱস্থাও তথৈবচ৷ আনকি পাণবজাৰৰ আৰক্ষী চিকিৎসালয়খনত নাই এখন ছাইন ব’ড৷ সম্প্রতি চিকিৎসালয়খনৰ প্রথম আৰু দ্বিতীয় মহলাত আৰক্ষী অপৰাধ শাখা, পাণবজাৰ যান–বাহন শাখাকে ধৰি মহানগৰ আৰক্ষীৰ কেইবাটাও কার্যালয় চলি আহিছে৷