নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয় হাজাৰ চালকে পে’ ইণ্ডিয়াত আগবঢ়াব সেৱা

নিয়মীয়া বাৰ্তা ২৬ জুলাইঃ অহা পহিলা আগষ্টৰ পৰা গুৱাহাটী মহানগৰীত নচলে অ’লা–উবেৰ৷ বহিঃৰাজ্যৰ প্রতিষ্ঠান দুটাই থলুৱা নিবনুৱাক সংস্থাপনৰ নামত প্রতাৰণা কৰাৰ অভিযোগত চালকসকলে প্রতিষ্ঠান দুটাক বর্জন কৰিব৷ ইয়াৰ বিপৰীতে চালকসকলে পে’ ইণ্ডিয়া নামৰ এপৰ জৰিয়তে যাত্রীসকলক যাতায়াতৰ ক্ষেত্রত সহায় কৰিব৷ দেওবাৰে ক’ভিড বিধি মানি দিছপুৰ প্রেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত এই কথা সদৰী কৰে অল গুৱাহাটী কেব ড্রাইভাৰ ইউনিয়ন আৰু সদৌ অসম কেব মজদুৰ সংঘৰ বিষয়ববীয়াসকলে৷

কেবচালকসকলৰ সংগঠন দুটাৰ নেতৃবৃন্দই সদৰী কৰা অনুসৰি অ’লা–উবেৰ কর্তৃপক্ষই গ্রাহকৰ লগতে চালকসকলকো শোষণ কৰি আহিছে৷ বহিঃৰাজ্যৰ প্রতিষ্ঠান দুটাৰ প্রতাৰণাৰ বলি হৈ ইতিমধ্যে বহু চালক সংস্থাপনহীন হৈ পৰিছে৷ বিশেষকৈ চালকসকলৰ পৰা প্রতি ট্রিপত পূর্বৰ ২৫ শতাংশৰ ঠাইত বর্তমান ৪০ শতাংশ প্রতিষ্ঠান দুটাই আদায় লোৱাৰ লগতে চালকসকলক দিয়া ইনছেনটিভ আৰু কমিছন সম্পূর্ণৰূপে বন্ধ কৰি দিয়া বুলি ভুক্তভোগী চালকসকলে অভিযোগ কৰে৷

প্রতিষ্ঠান দুটাৰ শোষণৰ বাবে ক’ৰোনা কালত প্রায় ১০ হাজাৰ চালক কর্মহীন হৈ পৰিছে৷ ইয়াৰ বিপৰীতে চালকসকলে ঋণ লৈ লোৱা বাহনৰ কিস্তি সময়মতে দিব নোৱৰাৰ বাবে ফাইনেঞ্চ কোম্পানীয়ে বহুতৰ বাহন কাঢ়ি নিছে৷ সেয়েহে অহা পহিলা আগষ্টৰ পৰা প্রায় ৬ হাজাৰ চালক পে’ ইণ্ডিয়াৰ অন্তর্ভুক্ত হৈ মহানগৰীত যাত্রীসকলক যাতায়াতৰ ক্ষেত্রত সহায় কৰিব বুলি সংবাদ মেলত সদৰী কৰে৷

You might also like