নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰৰ ভূমিকাত ক্ষুব্ধ চন্দ্রপুৰৰ সংগ্রামী জনগণ–দল–সংগঠন

চন্দ্রপুৰত ডাম্পিং গ্রাউণ্ডবিৰোধী সংগ্রামৰ এমাহঃ সপ্তাহজোৰা নতুন প্রতিবাদী কার্যসূচী

নিয়মীয়া বাৰ্তা ২৬ জুলাইঃ চন্দ্রপুৰত চলি থকা ডাম্পিং গ্রাউণ্ডবিৰোধী প্রতিবাদৰ আজি এমাহ সম্পুর্ণ হ’ল৷ কিন্তু এতিয়ালৈ চৰকাৰী পক্ষই কোনোধৰণৰ সঁহাৰি দিয়া নাই চন্দ্রপুবাসীক৷ সেয়েহে আজি এখন সংবাদ মেলৰ জৰিয়তে ক্ষোভ প্রকাশ কৰে ডাম্পিং গ্রাউণ্ডবিৰোধী মঞ্চই৷ ডাম্পিং গ্রাউণ্ডবিৰোধী মঞ্চ, চন্দ্রপুৰে আয়োজন কৰা সংবাদ মেলত উপস্থিত থাকি সদৌ কামৰূপ মহানগৰ জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক টুটুমণি কলিতাই অতি স্পষ্টভাৱে অসম চৰকাৰৰ মৌনতা আৰু মুখ্যমন্ত্রীৰ নীৰৱতাক ধিক্কাৰ দি কয় যে চৰকাৰে গণতান্ত্রিকভাৱে প্রতিবাদ কৰা প্রতিবাদী জনগণৰ লগত এতিয়ালৈ এবাৰো আলোচনা নকাৰটো গণতন্ত্রৰ বাবে অশুভ লক্ষণ৷ গণতন্ত্রত বিশ্বাসী চৰকাৰে গণতান্ত্রিকভাৱে বিৰোধ কৰা প্রতিবাদকাৰীৰ প্রতিবাদত কাণসাৰ নিদিয়াটো গণতন্ত্র পৰিপন্থী চিন্তা৷ এইক্ষেত্রত স্থানীয় বিধায়কগৰাকীৰো ভূমিকা অতি দুর্বল বুলি সমালোচনা কৰি কয় যে অতুল বৰাক সমষ্টিবাসীৰ স্বার্থত বিধানসভাৰ ভিতৰে–বাহিৰে সবল ভূমিকা ল’বলৈ আহ্বান জনায়৷ লগতে তেওঁ পূর্বে ঘোষণা কৰা অনুযায়ী অসম চৰকাৰৰ মুখ্যমন্ত্রীয়ে এসপ্তাহত একো সিদ্ধান্ত নিদিলে ৰাইজৰ লগত প্রতিবাদ কৰিমবুলি কৰা ঘোষণাও ৰাইজে মনত ৰাখিছে বুলি কয়৷

লগতে আক্ষেপ কৰি টুটুমণি কলিতাই কয় যে আমাৰ ডাম্পিং গ্রাউণ্ডবিৰোধী প্রতিবাদত সকলো বিৰোধী ৰাজনৈতিক দলৰ নেতা–কর্মীয়ে সমর্থন আগবঢ়াইছে ঠিকেই, কিন্তু চলিত বিধানসভাৰ বাজেট অধিৱেশনত এতিয়ালৈ এটা শব্দও কোনো দলৰ বিধায়কে উচ্চাৰণ কৰা নাই৷ তেন্তে ই কেনে সমর্থন বুলি প্রশ্ণ উত্থাপন কৰিছে৷ যদি সঁচাকৈ ৰাজনীতিৰ ঊধর্বত থাকি সমর্থন কৰিছে, তেন্তে চন্দ্রপুৰৰ ডাম্পিং গ্রাউণ্ড স্থাপনৰ সমস্যাৰ কথা বিধানসভাৰ ভিতৰত উত্থাপন কৰি চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰক৷ আজিৰ সংবাদ মেলৰ জৰিয়তে ডাম্পিং গ্রাউণ্ডবিৰোধী মঞ্চ, চন্দ্রপুৰে সমস্যা সমাধান নোহোৱালৈ ধাৰাবাহিকভাৱে গণতান্ত্রিক প্রতিবাদ অব্যাহত ৰখাৰ কথা পুনৰবাৰ ঘোষণা কৰি অনাগত দিনৰ সপ্তাহজোৰা কার্যসূচী ঘোষণা কৰে৷

অহা ২৬ জুলাইৰ দিনটো চন্দ্রপুৰবাসীয়ে ক’লা দিৱস ৰূপে গণ্য কৰিব আৰু ৰাজহুৱা স্থানত ক’লা বেজ পৰিধান কৰি ক’লা পতাকা উৰুৱাই প্রতিবাদ সাব্যস্ত কৰিব৷ ২৭ জুলাইত অঞ্চলে অঞ্চলে চাইকেল ৰেলী আৰম্ভণি কৰিব৷ ২৮ জুলাইত চন্দ্রপুৰৰ বিভিন্ন খেলৰ লগত জডিত খেলুৱৈসকলে প্রতিবাদ সাব্যস্ত কৰিব৷ ২৯ জুলাইত চন্দ্রপুৰ ৰাজহ চক্র বিষয়াৰ কার্যালয় ঘেৰাও কৰিব৷ ৩০ জুলাইত SAVE KOLONG- SAVE DIGARU’ শীর্ষক মানৱ শৃংখল৷ ৩১ জুলাইত ই–ৰিক্সা ৰেলী আৰু ১ আগষ্টত ১০ কিঃমিঃ পদযাত্রা উলিয়াই প্রতিবাদ সাব্যস্ত কৰিব৷ ইয়াৰ পিছতো যদি চৰকাৰৰ গা নলৰে, তেন্তে ইয়াতকৈ উত্তাল প্রতিবাদ ধাৰবাহিকভাৱে সাব্যস্ত কৰিব৷ ডাম্পিং গ্রাউণ্ডবিৰোধী মঞ্চই সংবাদ মেলৰ জৰিয়তে পুনৰ কয় যে চন্দ্রপুৰৰ ৰাইজে গুৱাহাটীৰ আৱর্জনাৰ পৰা যিকোনো প্রকল্প স্থাপন কৰাৰ বিৰোধী, কাৰণ ই চন্দ্রপুৰৰ জৈৱ–বৈচিত্র্যৰ ওপৰত প্রভাৱ পেলাব৷

প্রাকৃতিকভাৱে সম্ভাব্য সকলো পর্যটনৰ সমল আৰু চন্দ্রপুৰৰ লগত জডিত বিভিন্ন ঐতিহাসিক আৰু বুৰঞ্জীপ্রসিদ্ধ সমলসমূহৰ গৰিমা ম্লান কৰিব৷ গতিকে, অসম চৰকাৰক এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী উত্থাপন কৰিছে৷ তাৰ লগে লগে চন্দ্রপুৰত থকা ৰাজহুৱা খণ্ডৰ মৃত উদ্যোগসমূহ পুনৰ উৎপাদনক্ষম কৰি স্থানীয় শিক্ষিত নিবনুৱাক কর্মসংস্থাপন দিয়াৰ উপৰি চন্দ্রপৰত প্রকৃতিয়ে দিয়া পর্যটনৰ সমলসমূহক উন্নত কৰি ইয়াত গ্রাম্য টুৰিজিম আৰু ইক’ টুৰিজিমৰ উৎকৃষ্ট স্থানলৈ পর্যবসিত কৰিবলৈ দাবী উত্থাপন কৰে৷ আজিৰ সংবাদ মেলত ডাম্পিং গ্রাউণ্ডবিৰোধী মঞ্চৰ আহ্বায়ক জগন্নাথ ৰাজবংশী, শিৱ ৰাজবংশী, ৰাজেন অবাং, নিতুল কলিতাৰ উপৰিবৃহত্তৰ প্রাগজ্যোতিষপুৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ সম্পাদক প্রফুল্ল তালুকদাৰ, প্রাগজ্যোতিষপুৰ কেন্দ্রীয় নাগৰিক সমিতিৰ সভাপতি নৰেশ্বৰ বসুমতাৰী, প্রাগজ্যোতিষপুৰ জিলা ট্ৰাইবেল সংঘৰ সম্পাদক ধীৰেন বসুমতাৰী, প্রাক্তন ছাত্রনেতা বিজু কলিতা, সদৌ কামৰূপ মহানগৰ জিলা ছাত্র সন্থাৰ উপ–সভাপতি ৰমেন ঠাকুৰীয়া, সহকাৰী সাধাৰণ সম্পাদক বিপজ্যোতি মালকৰ, চন্দ্রপুৰ আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক সৌৰভ দাস আদি উপস্থিত থাকে৷

You might also like