আমবাৰীত অ’ এছ কে ফুড এপৰ উন্মোচন
নিয়মীয়া বাৰ্তা, ১৩ নবেম্বৰঃ সাম্প্ৰতিক পৃথিৱীখন হৈছে সকলো সুবিধাৰে ভৰা স্বচ্ছন্দ জীৱন প্ৰণালীৰ পৃথিৱী, য’ত সকলো প্ৰয়োজনীয় সেৱা ঘৰতে নিমিষতে পাব পৰা যায়। এই প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই OSK ফুড এণ্ড টেকন’ল’জি প্ৰাইভেট লিমিটেডে গুণগত সেৱা আগবঢ়োৱাৰ মনোভাবেৰে গুৱাহাটী মহানগৰীত ৩ বছৰ ধৰি সেৱা আগবঢ়াই আহিছে।
শুকুৰবাৰে আমবাৰীস্থিত অসম ষ্ট্ৰাৰ্ট আপ নেষ্ট ভৱনত দিনৰ ১১ বজাত অ’ এছ কেই ইয়াৰ আনুষ্ঠানিক এপ মুকলি কৰে। এই এপত প্ৰতিবিধ খাদ্য সামগ্ৰী, সেৱা আৰু প্ৰতিগৰাকী খাদ্যৰসিকৰ পছন্দৰ সামগ্ৰী নিৰ্বাচন কৰিব পৰা শাখা আছে।
বৰ্তমান OSK -এ পাঁচটা কাৰ্যকৰী শাখাত ইয়াৰ সেৱাসমূহ আগবঢ়াই আহিছে। ইয়াৰ প্ৰথমটো হৈছে ফ্লেগশ্বিপ ব্ৰেণ্ড One Stop Kitchen। আন ব্ৰেণ্ডসমূহ হৈছে হাউছ অব বিৰিয়ানী, হেল্ডি কো, ডাব্বা কো আৰু অ’ এছ কে প্লাছ।
উল্লেখ্য যে খাদ্যৰসিকসকলৰ প্ৰতি সেৱা আগবঢ়াবলৈ এখন মঞ্চ গঢ়ি তোলাৰ পৰিকল্পনাৰে ২০১৭ চনৰ এপ্ৰিল মাহত ৰাহুল হাজৰিকাই গঢ়ি তুলিছিল One Stop Kitchen। ২০১৮ চনত The Nest নামৰ Assam Start Up ৰ জৰিয়তে অভিলাষ বৰুৱাই ৰাহুল হাজৰিকাৰ সৈতে OSK Food & Technology Pvt. Ltd. ৰ জন্ম দিয়ে, যি অসম চৰকাৰ আৰু কলকাতা IIM ৰ এক যুটীয়া পদক্ষেপ।