নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাড়ী বিক্রীৰ নিষেধাজ্ঞাত স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ মহানগৰীৰ খানাপাৰাস্থিত পোদ্দাৰ কাৰ ৱর্ল্ডে পুৰণা গাড়ী নতুন বুলি বিক্রী কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে সংশ্লিষ্ট প্রশাসনে সাময়িকভাৱে ট্রেড চার্টিফিকেট বাতিল কৰা কার্যত স্থগিতাদেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷

এখন সংবাদ মেলত এই কথা সদৰী কৰে পোদ্দাৰ কাৰ ৱর্ল্ডৰ মহাপ্রবন্ধক ৰাজেশ শ্রীধৰণে৷ এই সন্দর্ভত তেওঁ গ্রাহকজনে উত্থাপন কৰা অভিযোগ নস্যাৎ কৰি কয় যে বিগত দিনসমূহত তেওঁলোকে কোনো ভুল কৰা নাই আৰু কেতিয়াও পুৰণি গাড়ী নতুনকৈ ৰং কৰি বিক্রী কৰা নাই৷ তেওঁ কয় ‘গ্রাহকগৰাকীয়ে কামৰূপ জিলা পৰিবহণ আৰু অসম আৰক্ষীৰ ওচৰ চাপে৷ কামৰূপ জিলা পৰিবহণ বিষয়াই আৰক্ষীৰ সৈতে কোনো বিচাৰ নকৰাকৈ তাৎক্ষণিকভাৱে আমাৰ ব্যৱসায়িক পঞ্জীয়নপত্র নিলম্বন কৰে৷ যাৰ ফলত আমাৰ ভাবমূর্তি বিনষ্ট হৈ পৰাৰ লগতে ব্যৱসায়ত ব্যাঘাত জন্মে৷’ ২০০৬ চনতে প্রতিষ্ঠা কৰা এই প্রতিষ্ঠানটোত ৯৫ শতাংশ থলুৱা যুৱক–যুৱতী জড়িত হৈ আছে বুলিও তেওঁ সংবাদ মেলত প্রকাশ কৰে৷

You might also like