নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাক্তন বিধায়ক আলী আকবৰ মিঞাৰ বাসগৃহত দুর্বৃত্তৰ আক্রমণৰ ঘটনাঃ দুর্বৃত্তৰ সন্ধান উলিওৱাত ব্যর্থ আৰক্ষী

নিয়মীয়া বার্তা,  ১৮  ডিচেম্বৰঃ মহানগৰীৰ হাতীগাঁৱৰ বকুলবন হাটছিঙত থকা প্রাক্তন বিধায়ক আলী আকবৰ মিঞাৰ আৱাসত আক্রমণ চলাই দুগৰাকী যুৱতীক প্রাণে মৰাৰ চেষ্টা চলোৱা দুর্বৃত্তৰ সন্ধান উলিওৱাত ব্যর্থ হৈছে মহানগৰ আৰক্ষী৷ মাজনিশা প্রাক্তন বিধায়কগৰাকীৰ বাসগৃহত প্রৱেশ কৰি চোকা অস্ত্রৰে নৃশংসভাৱে আক্রমণ কৰি তেওঁৰ ভতিজী কেছমিনাৰা আহমেদ আৰু ভাগিনীয়েক নিলুফাৰ আখতাৰক হত্যাৰ চেষ্টা চলোৱাৰ ৫ দিনৰ পিছতো আৰক্ষীয়ে দুর্বৃত্তৰ সন্ধান উলিয়াব পৰা নাই৷

ঘটনা সন্দর্ভত হাতীগাঁও থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যদিও এইক্ষেত্রত কোনো অগ্রগতি পৰিলক্ষিত হোৱা নাই৷ প্রথমতে পাৰিবাৰিক কন্দলৰ বাবে এনে ঘটনা সংঘটিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ ব্যক্ত কৰিছিল যদিও পৰৱর্তী সময়ত আৰক্ষীৰ ভাষ্য সলনি হৈছে৷ আজি হাতীগাঁও আৰক্ষীৰ এক সূত্রই সদৰী কৰা মতে, যোৱা ২০১৯ বর্ষৰ নৱেম্বৰ মাহত প্রাক্তন বিধায়ক মিঞাৰ বাসগৃহত এক চুৰিকাণ্ড সংঘটিত কৰাৰ সময়তে দুই চোৰৰ হাতেলোটে কৰায়ত্ত কৰি উত্তম–মধ্যম শোধাই আৰক্ষীক গতাই দিয়ে৷

ধৃত চোৰ দুটাক আৰক্ষীয়ে জে’ল হাজোতলৈ প্রেৰণ কৰিছিল যদিও জে’লৰ পৰা আইনৰ সুৰুঙাৰে ওলাই অহা চোৰ দুটাই পিছত প্রাক্তন বিধায়কৰ বাসগৃহত প্রৱেশ কৰি বিধায়কৰ পৰিয়ালৰ সদস্যক প্রাণে মৰাৰ ভাবুকি দিছিল৷ সেয়েহে এই ঘটনাত বিভিন্ন দৃষ্টিকোণৰ পৰা তদন্ত কৰি থকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ ইপিনে, দুর্বৃত্তৰ প্রহাৰত আহত হোৱা যুৱতী দুগৰাকীয়ে আজিও ডাউনটাউন হাস্পতালত মৃত্যুৰে যুঁজি আছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে৷

You might also like