নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়মীয়া বার্তা বাতৰিৰ প্রভাৱঃ আকাংক্ষা–ক্রিটিকেল কেয়াৰ হাস্পতালক জৰিমণা

নিয়মীয়া বাৰ্তা, ১৯ মে’: বৰাগাঁৱৰ ডাম্পিং গ্রাউণ্ডে মাতিছে ভয়াৱহ বিপদ’ শীর্ষক এক প্রতিবেদন   ‘নিয়মীয়া বার্তা’ত প্রকাশ পোৱাৰ পিছতে তৎপৰ হৈ পৰিছে গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষ৷ উল্লেখ্য যে সোমবাৰৰ সংখ্যাত প্রকাশিত বাতৰিটোত চিকিৎসা সেৱাত ব্যৱহূত তথা ক’ৰোনা ভাইৰাছ সংক্রমিত হোৱাৰ সম্ভাৱনা থকা পি পি ই কিট, গ্লোভছ, মাস্ক আদি ডাষ্টবিনৰ লগতে পথৰ দাঁতিত পেলাই জনজীৱনৰ প্রতি তীব্র ভাবুকিৰ সৃষ্টি কৰাৰ লগতে সেই বিপজ্জনক সামগ্রীসমূহ পৌৰ নিগমৰ বাহনেৰে কঢ়িয়াই বৰাগাঁৱৰ ডাম্পিং গ্রাউণ্ডত পেলোৱাৰ ফলত হ’ব পৰা ভয়াৱহ সংক্রমণৰ বিষয়ে উল্লেখ কৰা হৈছিল৷

ইয়াৰ পিছতে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তই এক জৰুৰী নির্দেশনাযোগে সমস্ত দিশ তদাৰক কৰাৰ বাবে এখন কমিটী গঠন কৰি দিয়ে৷ এই কমিটীখনে আজি মহানগৰীৰ ক্রিটিকেল কেয়াৰ হাস্পতাল, এক্সেল কেয়াৰ হাস্পতাল, আয়ুৰসুন্দ্রা হাস্পতাল আৰু আকাংক্ষা হাস্পতাল পৰিদর্শন কৰে৷ পৰিদর্শন কালত দলটোৱে বিশেষকৈ ক্রিটিকেল কেয়াৰ হাস্পতালে অনুজ্ঞাপত্র নবীকৰণ নকৰা, বায়’মেডিকেল আৱর্জনা নিষ্কাশন নকৰা আৰু আকাংক্ষা হাস্পতালেও বায়’মেডিকেল আৱর্জনা নিষ্কাশন নকৰা তথা লগবুক ৱাশ্ব মেনেজমেণ্ট মানি নচলা আদি গাফিলতি ধৰা পেলায়৷ ইয়াৰ পিছতে ক্রিটিকেল কেয়াৰ হাস্পতালক ৫০ হাজাৰ আৰু আকাংক্ষা হাস্পতালক দলটোৱে ৩০ হাজাৰ টকা জৰিমনা বিহে৷

উল্লেখ্য যে উক্ত নির্দেশনাটোত পৌৰ আয়ুক্তই কয় যে চিকিৎসা ক্ষেত্রত ব্যৱহূত সামগ্রীসমূহ বিজ্ঞানসন্মত পদ্ধতিৰে নিষ্কাশন কৰাৰ পৰিৱর্তে ডাষ্টবিন বা য’তে ত’তে পেলালে অকল মানুহৰ জীৱনৰ প্রতিয়ে নহয়, পৰিৱেশৰ প্রতিয়ে ভাবুকিৰ সৃষ্টি কৰিব৷ আয়ুক্তই সকলো চৰকাৰী–বেচৰকাৰী চিকিৎসালয়, নার্ছিং হোম, ক্লিনিক, লেবৰেটৰী আদিকে ধৰি চিকিৎসা সেৱাৰ লগত জড়িত সকলোৱে দৈনিক কিমান চিকিৎসা সেৱাত জড়িত সামগ্রী ব্যৱহাৰ কৰিলে তাৰ প্রতিবেদন দাখিল কৰিব লাগিব৷ নিগমৰ যুটীয়া আয়ুক্ত পুলক মহন্তৰ নেতৃত্বত গুৱাহাটী পৌৰ নিগমৰ কালেক্টৰ, জ্যেষ্ঠ চিকিৎসা বিষয়া, পশু বিষয়া আৰু ছয়টা সংমণ্ডলৰ কার্যবাহী অভিযন্তাৰে পৌৰ আয়ুক্তই গঠন কৰি দিয়া কমিটীখনে এই সমগ্র দিশটো চোৱা–চিতা কৰিব আৰু দৈনিক ইয়াৰ প্রতিবেদন দাখিল কৰিব৷

You might also like