পাণ্ডুনাথ দেৱালয়ত ড০ হিমন্ত বিশ্ব শর্মাৰ জন্মদিন উদযাপনৰ প্রস্তুতি
বিগত বছৰসমূহৰ দৰে এইবেলিও অহা পহিলা ফেব্রুৱাৰীত গুৱাহাটীৰ পাণ্ডুস্থিত ঐতিহাসিক পাণ্ডুনাথ দেৱালয় প্রাংগণত জালুকবাৰী সমষ্টিৰ বিধায়ক আৰু অসম চৰকাৰৰ লোকনির্মাণ, স্বাস্থ্য, শিক্ষা, বিত্ত আদি বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ৫২সংখ্যক জন্মদিন উদযাপন কৰা হ’ব৷
ড০ হিমন্ত বিশ্ব শর্মা জন্মদিন উদযাপন সমিতিৰ সভানেত্রী ৰিণিকি ভূঞা শর্মা আৰু সাধাৰণ সম্পাদক নিমাই চন্দ্র দাসে এক বিবৃতিত জানিবলৈ দিয়া মতে, জন্মদিনৰ লগত সংগত ৰাখি ৩১ জানুৱাৰীৰ পুৱা ১০ বজাত দেৱালয়ত ছাত্র–ছাত্রীৰ মাজত তিনিটা শাখাত চিত্রাংকন প্রতিযোগিতা অনুষ্ঠিত হ’ব৷ ইয়াৰে ‘ক’ শাখাত (প্রথমৰ পৰা চতুর্থলৈ), ‘খ’ শাখাত (পঞ্চমৰ পৰা সপ্তমলৈ) আৰু ‘গ’ শাখাত (অষ্টমৰ পৰা দশমলৈ) ছাত্র–ছাত্রীয়ে ভাগ ল’ব পাৰিব৷ তেনেদৰে জন্মদিনৰ লগত সংগতি ৰাখি মহিলাৰ দিহানাম প্রতিযোগিতা অনুষ্ঠিত হ’ব৷ পহিলা ফেব্রুৱাৰীত জন্মদিনৰ লগত সংগতি ৰাখি সন্ধিয়া ৫ বজাৰ পৰা দেৱালয় প্রাংগণত বন্তি প্রজ্বলন প্রতিযোগিতা অনুষ্ঠিত হ’ব৷ প্রতিযোগিতাৰ বিজয়ী প্রার্থীক পুৰস্কাৰ প্রদান কৰা হ’ব৷