নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রদূষণ নিয়ন্ত্রণৰ দাবীত পামহিত উত্তাল প্রতিবাদ

নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীক চৌদিশৰ পৰা প্রদূষণে ছানি ধৰিছে৷ মহানগৰীত নিতৌ চলাচল কৰা হাজাৰ হাজাৰ যান–বাহন আৰু উদ্যোগ–প্রতিষ্ঠানৰ পৰা নির্গত হোৱা ক’লা ধোঁৱা আৰু কল–কাৰখানাৰ আবর্জনাই প্রাকৃতিক পৰিৱেশ বিনষ্ট কৰি জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই আনিছে৷ প্রশাসনৰ বিনানুমতিত মহানগৰীত গঢ়ি উঠা একাংশ উদ্যোগ, প্রতিষ্ঠান তথা কল–কাৰখানাৰ পৰা নির্গত হোৱা ক’লা ধোঁৱাই প্রদূষিত কৰা বায়ু সেৱন কৰি মহানগৰবাসীয়ে নিতৌ ন ন ৰোগত আক্রান্ত হৈছে৷

বিশেষকৈ মহানগৰীৰ গড়চুক থানাৰ অন্তর্গত পামহি অঞ্চলত গঢ়ি উঠা একাংশ অবৈধ কল–কাৰখানাই অঞ্চলবাসীলৈ বিপদ মাতিছে৷ একাংশ পুঁজিপতি লোকে বহিঃৰাজ্যৰ পৰা আহি অঞ্চলটোত থিতাপি লৈ শ শ বিঘা ভূমিত নির্মাণ কৰা প্রতিষ্ঠানৰ ক’লা ধোঁৱাই পামহিৰ আকাশ ছানি ধৰাত উদ্বিগ্ন হৈ পৰিছে স্থানীয় বাসিন্দা৷ অঞ্চলটোত গঢ়ি উঠা এনে অবৈধ উদ্যোগ–প্রতিষ্ঠান আৰু কল–কাৰখানাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ মাৰ বান্ধি ওলাই আহিছে স্থানীয় মহিলা৷

স্থানীয় শতাধিক মহিলা ৰাজপথলৈ ওলাই আহি এইসমূহ অবৈধ কল–কাৰখানা বন্ধ কৰাৰ দাবীত প্রতিবাদ সাব্যস্ত কৰে৷ প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰা মহিলাসকলে হাতে হাতে বেনাৰ প্লেকার্ড লৈ প্রকৃতি বচাওক, মহানগৰীক প্রদূষণমুক্ত কৰক, অবৈধ কল–কাৰখানা বন্ধ কৰক আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰে৷ প্রতিবাদকাৰী মহিলাসকলে অভিযোগ কৰা মতে কল–কাৰখানাৰ পৰা নির্গত হোৱা ক’লা ধোঁৱা আৰু ছাইৰ বাবে স্থানীয় লোকে বাহিৰত কাপোৰ মেলিব নোৱাৰে৷

তদুপৰি কল–কাৰখানাৰ পৰা নির্গত হোৱা ধোঁৱাই বায়ু প্রদূষিত কৰি তোলাৰ বাবে বহু লোকে বিভিন্ন বেমাৰত আক্রান্ত হোৱা বুলি প্রতিবাদকাৰী মহিলাসকলে অভিযোগ কৰে৷ ইপিনে, বৰাগাঁৱৰ ডাম্পিং গ্রাউণ্ডে ন ন অঞ্চলৰ পৰিৱেশ বিনষ্ট কৰাৰ উপৰি দীপৰ বিলৰ জীৱকুললৈ ভাবুকি মাতিছে৷ চৰকাৰে বৰাগাঁৱৰ পৰা ডাম্পিং গ্রাউণ্ড স্থানান্তৰ কৰাৰ বাবে সিদ্ধান্ত গ্রহণৰ নির্দেশ দিছে যদিও পর্যাপ্ত পৰিত্যক্ত ভূমিৰ অভাৱত আজিও ডাম্পিং গ্রাউণ্ড স্থানান্তৰ কৰিব পৰা নাই৷ অৱশ্যে জিলা প্রশাসনে ভূমি আবণ্টন দিয়াৰ লগে লগে ডাম্পিং গ্রাউণ্ড স্থানান্তৰ কৰিব বুলি জানিব পৰা গৈছে৷

You might also like