ৰাজ্যিক চিৰিয়াখানা ব্যক্তিগত খণ্ডক গতাই দিয়াৰ বিৰোধিতাৰে প্ৰতিবাদী সভা
নিয়মীয়া বার্তা, ২০ অক্টোবৰঃ অসম ৰাজ্যিক চিৰিয়াখানাক ব্যক্তিগত প্রতিষ্ঠানক গতাই দিয়াৰ সিদ্ধান্তৰ তীব্র বিৰোধিতা কৰি কালি চিৰিয়াখানা সুৰক্ষা মঞ্চৰ বিভিন্ন দল–সংগঠনৰ সহযোগত গুৱাহাটী প্রেছ ক্লাবত এখন প্রতিবাদী সভা অনুষ্ঠিত কৰে৷ সভাত সুৰক্ষা মঞ্চৰ সম্পাদক ৰাজকুমাৰ বৈশ্যই ৰাজ্যিক চিৰিয়াখানাৰ ভিতৰচ’ৰাত চলি থকা দুষ্কার্যৰ বিষয়ে এক খতিয়ান দাঙি ধৰে৷ তেওঁ অভিযোগ কৰা অনুসৰি চিৰিয়াখানাৰ ডি এফ অ’ তেজস্ব মাৰীস্বামীয়ে পৰিকল্পিতভাৱে চিৰিয়াখানা নিঃশেষ কৰাৰ আঁচনি লৈছে৷
অভিযোগ অনুসৰি ডি এফ অ’ মাৰীস্বামীয়ে আন্তঃৰাষ্ট্রীয় চোৰাং ব্যৱসায়ীৰ সহযোগত জীৱ–জন্তু সৰবৰাহ কৰাৰ লগতে চিৰিয়াখানা ব্যক্তিগতকৰণত উঠিপৰি লাগিছে৷ তদুপৰি জীৱ–জন্তুৰ খাদ্যৰ নামত ডি এফ অ’গৰাকীয়ে ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ তুলিছে ৰাজ্যিক চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সঞ্চালক বৈশ্যই৷
সেয়েহে চিৰিয়াখানাৰ জীৱ–জন্তু আৰু ভূমি সংৰক্ষণৰ উপৰি চিৰিয়াখানাত চলি থকা দুর্নীতি–ভ্রষ্টাচাৰৰ তদন্ত বিচাৰি মঞ্চৰ তৰফৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰাৰ প্রস্তাৱ গ্রহণ কৰে৷ ৰফিকুল হুছেইন বৰা আৰু দীপক পাঠকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা প্রতিবাদী সভাত চিৰিয়াখানাৰ সুৰক্ষাৰ বাবে বিভিন্ন দল–সংগঠনৰ সহযোগত তীব্র প্রতিবাদী কার্যসূচী গ্রহণ কৰা, ডি এফ অ’ৰ দুর্নীতিৰ বিৰুদ্ধে তদন্ত বিচাৰি এজাহাৰ দাখিল কৰাকে ধৰি কেইবাটাও গুৰুত্বপূর্ণ প্রস্তাৱ গ্রহণ কৰা হয়৷
সভাত আঞ্চলিক গণ মঞ্চৰ মুখ্য আহ্বায়ক প্রদীপ কুমাৰ ভূঞা, মনজিৎ মহন্ত, ৰাষ্ট্রীয় জনতা দলৰ সভাপতি এছ এছ মুস্তাফা, চি পি আইৰ নেতা মুনীন মহন্ত, অসম সংগ্রামী মঞ্চৰ সভাপতি সমৰজ্যোতি বেজবৰুৱা, মানৱ অধিকাৰ সংগ্রাম সমিতিৰ অধ্যক্ষ প্রণৱজ্যোতি চুতীয়া, খিলঞ্জীয়া অধিকাৰ সুৰক্ষা সমিতিৰ ৰমেশ মালী, ব্যৱসায়ী সন্থাৰ নৰেন ৰাজবংশী, অগ্রণী মহিলা মঞ্চৰ জেনিফাৰ হুছেইন, বীৰ লাচিত সেনাৰ গগণ কলিতা, গণ মর্চাৰ মীৰা বৰঠাকুৰকে ধৰি বহু ব্যক্তি উপস্থিত থাকে৷