গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষার্থীৰ উত্তাল প্রতিবাদ
নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্যৰ কার্যালয়ৰ সন্মুখত প্রতিবাদত বহিল বি এডৰ চূডান্ত বর্ষৰ একাংশ শিক্ষার্থী৷ পৰীক্ষাসমূহ শীঘ্রে অনুষ্ঠিত কৰি ৩০ ছেপ্টেম্বৰৰ ভিতৰত ফলাফল ঘোষণা কৰাৰ দাবীৰে ধর্ণা কার্যসূচী ৰূপায়ণ কৰে শিক্ষার্থীসকলে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ হেমাহিৰ বাবে চাকৰিৰ আবেদন জনোৱাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ প্রতিবাদী শিক্ষার্থীসকলৰ৷
একাংশ প্রতিবাদকাৰীয়ে অভিযোগ কৰা অনুসৰি বিশ্ববিদ্যালয় কর্তৃপক্ষই ১৫ ছেপ্টেম্বৰত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ জাননী জাৰি কৰিছিল যদিও কোনো পৰীক্ষাৰ সময়সূচী প্রকাশ নকৰাত ক্ষুব্ধ হৈ পৰে শিক্ষার্থীসকল৷
ইফালে উপাচার্যৰ অনুপস্থিতিৰ বাবে শিক্ষার্থীৰ লগত আলোচনাত মিলিত হয় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তথা শ্রেণীকোঠাৰ সচিবে৷ শীঘ্রেই উপাচার্যৰে আলোচনা কৰি শিক্ষার্থীৰ দাবী পূৰণৰ ক্ষেত্রত ব্যৱস্থা ল’ব বুলি আশ্বাস দিয়ে বিশ্ববিদ্যালয় কর্তৃপক্ষই৷