নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰে’লৰ চালকক হত্যা কৰি ঘাঁহ–বনেৰে ঢাকি থ’লে দুষ্কৃতিকাৰীয়ে

নিউ গুৱাহাটীত চাঞ্চল্যকৰ হত্যাকাণ্ডঃ মৃতদেহ লৈ ৰে’ল কর্মচাৰীৰ প্রতিবাদ

নিয়মীয়া বাৰ্তা ৯ অক্টোবৰঃ  মহানগৰীৰ নিউ গুৱাহাটী ৰে’লৱে ষ্টেচনৰ সমীপত ৰে’ল চালক অভিজিত আনন্দ (৩২)ক নৃশংসভাৱে হত্যা কৰি ঘাঁহ–বনেৰে ঢ়াকি থোৱা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বৃহস্পতিবাৰে পুৱা এই ঘটনা পোহৰলৈ অহাৰ পিছতে ৰে’ল কর্মচাৰীসকলে ৰে’ল আৰক্ষী আৰু প্রশাসনৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি প্রতিবাদ সাব্যস্ত কৰাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নিউ গুৱাহাটীৰ ৰে’ল কাৰখানাৰ উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ চালক তথা নুনমাটি শংকৰ নগৰৰ বাসিন্দা অভিজিত আনন্দে কালি নিশা ৯.৩০ বজাত কার্যালয়লৈ আহে৷ কিন্তু অভিজিতে কর্তব্যত যোগদান কৰা নাছিল৷ বৃহস্পতিবাৰে পুৱা সতীর্থ কর্মচাৰীয়ে কার্যালয়লৈ যোৱা পথৰ কাষৰ ঘাঁহবোৰ পৰি থকাত সন্দেহবশতঃ কেইজনমান কর্মচাৰীয়ে ইয়াৰ উৎস বিচাৰি যায়৷ কর্মচাৰীসকলে ঘাঁহ–বনেৰে অভিজিতৰ মৃতদেহ ঢ়াকি থোৱা অৱস্থাত প্রত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে৷ দুর্বৃত্তই অভিজিতৰ মুখমণ্ডলত গধুৰ বস্তুৰে আঘাত কৰাৰ চিন স্পষ্ট৷ ঘটনাস্থলীত ৰে’ল আৰক্ষী আৰু নুনমাটি থানাৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰি অভিজিতৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ নিয়াৰ বাবে যো–জা চলায়৷ কিন্তু ৰে’ল কর্মচাৰীসকলে মৃতদেহ নিয়াত বাধা প্রদান কৰি প্রতিবাদ সাব্যস্ত কৰে৷ অৱশ্যে ঘটনাস্থলীত ৰে’লৱে উচ্চপদস্থ বিষয়া আৰু আৰক্ষী আয়ুক্ত মুন্নাপ্রসাদ গুপ্তা উপস্থিতি হৈ প্রতিবাদকাৰীসকলক্ শীঘ্রে হত্যাকাৰী কৰায়ত্ত কৰাৰ প্রতিশ্রুতি দি পৰিস্থিতি নিয়ন্ত্রণ কৰে৷ ইফালে ৰে’ল কর্মচাৰী আৰু আৰক্ষীয়ে ড্রাগ্ছ আসক্ত লোকে অভিজিৎ আনন্দক ধন দাবী কৰি হত্যা কৰা বুলি সন্দেহ প্রকাশ কৰিছে৷ দুষৃকতিকাৰীয়ে অভিজিতক ৰে’ল লাইনত নৃশংসভাৱে হত্যা কৰি মৃতদেহটো চোঁচৰাই আনি ঘাঁহ–বনেৰে ঢ়াকি থোৱা বুলি অভিযোগ উত্থাপন কৰিছে সতীর্থ কর্মচাৰীসকলে৷

You might also like