বৈদ্যুতিকৰণ প্রক্রিয়াৰে ৰে’লৱেত পৰিৱর্তনৰ বতৰা
নিয়মীয়া বাৰ্তা, ২৭ জুনঃ ৰে’লৱে বৈদ্যুতিকৰণৰ সফাল্যই এতিয়া পৰিৱর্তনৰ বতৰা আনিছে৷ বৈদ্যুতিকৰণৰ সফলতাই সময় বচোৱাই নহয় পৰিৱেশ তথা পাৰিপার্শ্বিকতাৰ দিশতো ইতিবাচক প্রভাৱ পেলাইছে৷ সদাব্যস্ত উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ অধীনস্থ কাটিহাৰ ডিভিজনৰ কাটিহাৰ জংচনৰ বৈদ্যুতিকৰণ প্রক্রিয়াই উত্তৰ ভাৰত, উত্তৰ–পশ্চিম ভাৰত আৰু পশ্চিম ভাৰতৰ বিভিন্ন ট্রেইনৰ গতিধাৰলৈ পৰিৱর্তন কঢ়িয়াইছে৷
সেইদৰে নিউ জলপাইগুৰি গুড্চ ডাউন য়াড সম্পূর্ণৰূপে বৈদ্যুতিকৰণ কৰা হৈছে যিটো গতিশীলতাৰ দিশত ইতিবাচক দিশ৷ কাটিহাৰ ডিভিজনৰ কাটিহাৰ জংচনৰ পৰা ৰাণীনগৰ জলফাইগুৰি জংচনলৈকে বৈদ্যুতিকৰণৰ সফলতাই ৰে’লৱে পৰিৱর্তনৰ ক্ষেত্রত নতুন মাত্রা দিবলৈ সক্ষম হৈছে৷ যিটোৱে সময় আৰু ইন্ধন বচোৱাই নহয় পৰিৱেশৰ ওপৰত প্রত্যক্ষভাৱে এক ইতিবাচক প্রভাৱ পেলাবলৈ সক্ষম হৈছে৷ বায়ু প্রদূষণ ৰোধৰ দিশত ই ইতিবাচক ফল দেখুৱাইছে৷