নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত লকডাউন

পুনৰ ৰাজ্যত তলাবন্ধ ৷ আনলক–১ চলি থকাৰ সময়তে গুৱাহাটী মহানগৰীত ১৪ দিনৰ বাবে ৰাজ্য চৰকাৰে লকডাউন ঘোষণা কৰিলে৷ ৰাজ্যৰ অন্যান্য নগৰসমূহতো পৰিস্থিতি অনুযায়ী লকডাউন ঘোষণা কৰাৰ সম্ভাৱনীয়তাৰ বিষয়ে ইংগিত দি স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ন’ভেল ক’ৰোনা ভাইৰাছৰ দ্রুত সংক্রমণৰ ফলত আহি পৰা ভয়ংকৰ পৰিস্থিতিৰ পৰা পৰিত্রাণ পাবলৈ তলাবন্ধ অত্যন্ত গুৰুত্বপূর্ণ বুলি মন্তব্য কৰিছে৷ যোৱা ২৫ মার্চৰ পৰা ইতিমধ্যে সমগ্র দেশৰ লগতে অসমতো লকডাউনৰ মাজেৰে দিন অতিবাহিত কৰিছিল জনতাই৷ কিন্তু এইবাৰ লকডাউন অধিক কঠোৰভাৱে পালন কৰিবলগীয়া হ’ব৷ ক’ভিড–১৯এ যাতে অনাগত সময়ত ৰাজ্যত অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিব নোৱাৰে, তাৰ বাবেই চৰকাৰে আকৌ এবাৰ লকডাউনৰ দৰে ব্যৱস্থা গ্রহণ কৰিবলগীয়া হৈছে৷

প্রথমটো লকডাউনত অসমৰ ক’ৰোনা পৰিস্থিতি ইমান ভয়াৱহ নাছিল৷ তবলিগী জামাতৰ পৰা ঘূৰি অহা ব্যক্তিসকলে ক’ৰোনা ভাইৰাছৰ বীজাণু কঢ়িয়াই অনাৰ বাদে ইয়াৰ সংক্রমণ আছিল যথেষ্ট সীমিত৷ স্বাভাৱিকতে লকডাউন পালন কৰাৰ ক্ষেত্রত জনসাধাৰণক প্রশাসনে যথেষ্ট ৰেহাই দিছিল৷ কিন্তু বহিঃৰাজ্যৰ পৰা লাখ লাখ মানুহ অসমলৈ ঘূৰি অহাৰ লগে লগে ৰাজ্যখনত ক’ৰোনা ভাইৰাছৰ সংক্রমণো দ্রুতগতিত বৃদ্ধি পালে৷ এতিয়া পৰিস্থিতি এনে এক পর্যায় পাইছেগৈ যে তৎকালে চৰকাৰে হস্তক্ষেপ কৰি কঠোৰ পদক্ষেপ গ্রহণ নকৰিলে গোটেই পৰিস্থিতিটো নিয়ন্ত্রণৰ বাহিৰলৈ গুচি যাব৷ মন কৰিবলগীয়া কথাটো হ’ল যে দেশৰ বিভিন্ন ৰাজ্যত ক’ভিড–১৯এ ভয়াৱহ ৰূপ ধাৰণ কৰি থকাৰ সময়তে আনলক–১ ঘোষণা কৰা হৈছিল৷

সেই সময়ত অসমৰ পৰিস্থিতি যিহেতু ইমান বেছি গুৰুতৰ নাছিল, সেয়ে বহুতেই বহিঃৰাজ্যৰ পৰা অসমৰ মানুহ স্বগৃহলৈ ঘূৰি অহাটো সমর্থন কৰা নাছিল৷ কিন্তু কোনো চৰকাৰৰ বাবে সেই নির্দিষ্ট সময়খিনিত ঘৰৰ মানুহ ঘৰলৈ ঘূৰি অহাৰ ক্ষেত্রত বাধা দিয়াটো সম্ভৱো নাছিল৷ অসমলৈ ক’ৰোনা ভাইৰাছ কঢ়িয়াই অনা বাহক হিচাপে বহিঃৰাজ্যৰ এই লোকসকলক দোষাৰোপ কৰাটো সহজ যদিও এনেধৰণৰ অভিযোগ জাপি দিয়াৰ যুক্তিযুক্ততা থাকিব নোৱাৰে৷ বৰঞ্চ যদি কাৰোবাক সংক্রমণ বৃদ্ধিৰ বাবে দোষাৰোপ কৰিব পাৰে তেন্তে সেয়া হ’ল ৰাজ্য চৰকাৰ, যিয়ে সম্ভৱ সকলো প্রচেষ্টা গ্রহণ কৰা সত্ত্বেও সংক্রমণ প্রতিৰোধৰ ক্ষেত্রত কৰিবলগীয়া যথেষ্টখিনি থাকি গ’ল৷ অন্ততঃ একাংশ সচেতন মানুহে এইক্ষেত্রত এনে মতামতেই দাঙি ধৰিছে৷ তথাপি ক’বই লাগিব যে সীমিত সা–সুবিধাৰে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ক’ভিড–১৯ৰ বিৰুদ্ধে যিমান দৃঢ়তাৰে যুদ্ধত অৱতীর্ণ হৈছে, সেয়া প্রশংসনীয়৷ কিন্তু প্রশ্ণ হয়, কেৱল লকডাউনৰ জৰিয়তেই মহামাৰী ক’ভিড–১৯ প্রতিৰোধ কৰাটো সম্ভৱ হ’বনে?

গুৱাহাটীত ঘোষণা কৰা লকডাউন আটাইতকৈ প্রয়োজনীয় হৈ পৰিছে এইবাবেই যে মহানগৰীখনৰ নাগৰিকে সামাজিক দূৰত্ব ৰক্ষা কৰাত বিগত কিছু দিনত নিজৰ দায়িত্বজ্ঞানহীনতা লজ্জাজনকভাৱে উদঙাই দিছে৷ আনকি মাস্ক পৰিধান কৰাৰ ক্ষেত্রতো গুৱাহাটীৰ একাংশ জনতাই দায়িত্বজ্ঞানহীন আচৰণ কৰিছে৷ অপ্রয়োজনীয়ভাৱে মানুহ ঘৰৰ পৰা ওলাই আহি ভিৰ বৃদ্ধি কৰিছে৷ হাটে–বজাৰে, দোকানে–পোহাৰে সামাজিক দূৰত্বক জলাঞ্জলি দি মানুহে প্রতিদিনেই দিনে–ৰাতিয়ে জনসমাগম বৃদ্ধি কৰি দৃষ্টিকটু পৰিৱেশৰ সৃষ্টি কৰিছে৷ গুৱাহাটীত সামাজিক সংক্রমণ প্রায় নিশ্চিত হোৱাৰ সময়ত গুৱাহাটীৰ নাগৰিকসকলৰ এনে আচৰণ নিশ্চিতভাৱে বিপজ্জনক৷ ইয়াৰ বাবেই এইবাৰ অধিক কঠোৰভাৱে লকডাউন কার্যকৰী কৰাটো জৰুৰী হৈ পৰিছে৷ অন্যথা কেইটামান দিনৰ ভিতৰতে ক’ভিড–১৯ আক্রান্ত ৰোগীৰ সংখ্যা কেইবাগুণ বৃদ্ধি পোৱাটো নিশ্চিত৷ আটাইতকৈ ডাঙৰ কথাটো হ’ল– গুৱাহাটীৰ পৰা এই মহামাৰী ৰাজ্যৰ অন্য স্থানলৈ সংক্রমিত হোৱাৰ সম্ভাৱনা অত্যন্ত বেছি৷

কিয়নো প্রতিদিনেই ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা গুৱাহাটীলৈ মানুহৰ অহা–যোৱা চলি থাকে৷ এনে পৰিস্থিতিত গুৱাহাটীৰ বাহকেই যে বহু ঠাইলৈ ক’ৰোনাৰ সংক্রমণ ঘটাইছে, সেই কথা নুই কৰিব নোৱাৰি৷ উল্লেখ্য যে অর্থনৈতিক দৃষ্টিকোণৰ পৰা লকডাউন হ’ল এক অনাকাংক্ষিত পৰিস্থিতি৷ কিন্তু মহামাৰীৰ সংক্রমণ জনস্বাস্থ্যৰ বাবে অনাকাংক্ষিত৷ লকডাউনৰ ফলত দেশৰ অর্থনীতিত ব্যাপক প্রভাৱ পৰাৰ ফলতেই পর্যায়ক্রমে ‘আনলক’ আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল৷ কিন্তু গুৱাহাটীৰ পৰিস্থিতি উন্নত নোহোৱা পর্যন্ত অর্থনৈতিক লোকচান সহ্য কৰিবলৈ চৰকাৰ–নাগৰিক সাজু হৈ থাকিব লাগিব৷

You might also like