নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঠঘৰীয়াত কিশোৰী ধর্ষণঃ অভিযুক্তক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ১৩ আগষ্টঃ মহানগৰীৰ এগৰাকী ১৩ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰাৰ অভিযোগত আৰক্ষীৰ জালত পৰিছে নুনমাটি থানাৰ অন্তর্গত গাঁওৰক্ষী বাহিনীৰ এজন বিষয়ববীয়া৷ অভিযুক্তজন ২নং মঠঘৰীয়া শংকৰ নগৰৰ বাসিন্দা তথা স্থানীয় গাঁওৰক্ষী বাহিনীৰ সম্পদক সুৰেন বর্মন৷

উল্লেখ্য যে তিনি মাহ পূর্বে মঠঘৰীয়াৰ শংকৰ নগৰৰ বাসিন্দা তথা গাঁওৰক্ষী বাহিনীৰ সম্পাদক সুৰেন বর্মনে এগৰাকী ১৩ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল৷

ঘটনা সন্দর্ভত অভিযুক্ত সুৰেন বর্মনৰ বিৰুদ্ধে স্থানীয় শংকৰ নগৰ মহিলা সমিতিৰ সম্পাদিকা মঞ্জু দত্তই নুনমাটি থানাত এখন এজাহাৰ দিয়ে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ৫১৩/২১ত এটা গোচৰ ৰুজু কৰি কালি নিশা মঠঘৰীয়াৰ পৰা সোধা–পোছাৰ বাবে আটক কৰে সুৰেন বর্মনক৷ ইপিনে এই ঘটনা অঞ্চলটোত সদৰী হোৱাত বৃহস্পতিবাৰে সুৰেন বর্মনক গ্রেপ্তাৰৰ দাবীত গীতালি মহিলা সমিতি, শংকৰ নগৰ মহিলা সমিতিয়ে নুনমাটি থানা চৌহদত তীব্র প্রতিবাদ সাব্যস্ত কৰে৷

অভিযুক্তক দৃষ্টান্তমূলক শাস্তি বিহিবলৈ দাবী জনায় মহিলা সমিতিৰ লগতে বিভিন্ন দল–সংগঠনে৷ ইপিনে সুৰেন বর্মন গাঁওৰক্ষী বাহিনীৰ সম্পাদক হোৱা বাবে নুনমাটি আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে মহিলা সমিতিয়ে৷

লক্ষণীয়ভাৱে কিশোৰীগৰাকীৰ বলাৎকাৰ ঘটনা মনেসজা আৰু একাংশ লোকে কিশোৰীগৰাকীক জোৰ–জুলুমকৈ এই কথা স্বীকাৰ কৰাৰ ভিডিঅ’ প্রস্তুত কৰাৰ অভিযোগত কিশোৰীগৰাকীৰ মাতৃয়ে শংকৰ নগৰ মহিলা সমিতিৰ বিৰুদ্ধে নুনমাটি থানাত এখন এজাহাৰ দিয়ে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে বিভাগীয় ধাৰাৰ অধীনত ৫১৫/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

ইপিনে আৰক্ষীয়ে কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে প্রেৰণ কৰে৷ স্বাস্থ্য পৰীক্ষাৰ অন্ততহে ঘটনাৰ প্রকৃত সত্য পোহৰলৈ আহিব৷

You might also like