ৰেপিড এণ্টিজেন টেষ্ট: স্বাস্থ্যকর্মীক সহযোগ কৰা নাই একাংশ ব্যৱসায়ীয়ে
নিয়মীয়া বাৰ্তা ১৮ আগষ্টঃ সমগ্র ৰাজ্যত দৈনিক বৃদ্ধি পাই আছে মাৰাত্মক ক’ভিড–১৯ৰ দ্বাৰা আক্রান্ত লোকৰ সংখ্যা৷ ক’ভিড–১৯ ভাইৰাছৰ দ্বাৰা আক্রান্ত হোৱা লোকক তাৎক্ষণিকভাৱে চিনাক্ত কৰি চিকিৎসালয়ত ভর্তি কৰি চিকিৎসা কৰাৰ বাবে স্বাস্থ্য বিভাগে মহানগৰীৰ বিভিন্ন অঞ্চলত স্থাপন কৰিছিল এণ্টিজেন টেষ্ট চেণ্টাৰ৷ ফলত সংক্রমণৰ হাৰ কমি যোৱাৰ লগতে আক্রান্তসকলেও তাৎক্ষণিক চিকিৎসা লাভ কৰিছিল৷ সমান্তৰালভাৱে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে মহানগৰীৰ দোকানী, ব্যৱসায়ী আৰু তেওঁলোকৰ কর্মচাৰীসকলৰ ছোৱাব পৰীক্ষা বাধ্যতামূলক বুলি নির্দেশনা জাৰি কৰিছিল৷
ইয়াৰ পাছত স্বাস্থ্যকর্মীয়ে ঠায়ে ঠায়ে কেম্প পতাৰ লগতে অধিকাংশ অঞ্চলতে দোকান আৰু ব্যৱসায়িক প্রতিষ্ঠানলৈ গৈ ৰেপিড এণ্টিজেন টেষ্ট কৰা আৰম্ভ কৰিছিল৷ দোকান বা ব্যৱসায়িক প্রতিষ্ঠানৰ পৰা যাতে ক’ভিড–১৯ ভাইৰাছৰ সংক্রমণ হ’ব নোৱাৰে তাৰ বাবে স্বাস্থ্য বিভাগে এই পদক্ষেপ গ্রহণ কৰিছিল৷ জনস্বার্থৰ প্রতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে ব্যৱসায়ী, দোকানীৰ ক’ভিড পৰীক্ষা বাধ্যতামূলক বুলি ঘোষণা কৰিছিল যদিও মহানগৰীৰ অধিকাংশ ব্যৱসায়ীয়ে স্বাস্থ্য বিভাগৰ নির্দেশনা পালন কৰা নাই বুলি অভিযোগ উঠিছে৷
মন কৰিবলগীয়া যে সংশ্লিষ্ট এলেকাৰ স্বাস্থ্যকর্মীয়ে কাইলৈ কোন অঞ্চলৰ দোকানী–ব্যৱসায়ীৰ ছোৱাব পৰীক্ষা কৰিব সেয়া আগদিনাই জনাই থৈ যায়৷ ফলত সেই অঞ্চলৰ অধিকাংশ দোকান বা ব্যৱসায়িক প্রতিষ্ঠান সেইদিনা বন্ধ ৰাখে৷ যাৰ বাবে স্বাস্থ্যকর্মীৰ দল আহি দুই–এখন দোকানত পৰীক্ষা কৰিয়ে আঁতৰি যাব লগা হয়৷ তদুপৰি বহু দোকানী–ব্যৱসায়ীয়ে পূর্বে ছোৱাব পৰীক্ষা কৰা বুলি আসৈ মতাও পৰিলক্ষিত হয়৷ স্বাস্থ্যকর্মীসকলে প্রচণ্ড গৰমৰ মাজতে পি পি ই কিট পিন্ধি দোকানী–ব্যৱসায়ীৰ বাবে অপেক্ষা কৰি থাকে যদিও ব্যৱসায়ীসকলে সহযোগ নকৰাৰ বাবে কষ্ট বিফলে যায়৷ যদিহে স্বাস্থ্য বিভাগ বা জিলা প্রশাসনে দোকান বা ব্যৱসায়িক প্রতিষ্ঠানসমূহত অভিযান চলায় ছোৱাব পৰীক্ষা কৰিছেনে নাই আৰু স্বাস্থ্য বিভাগৰ নির্দেশনা পালন নকৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰে, তেন্তে ব্যৱসায়ীসকল ছোৱাব পৰীক্ষা কৰাৰ বাবে বাধ্য হ’ব বুলি সচেতন লোকসকলে মত ব্যক্ত কৰিছে৷