ৰেপিড এণ্টিজেন টেষ্টৰ বাবে আগ্রহী নহয় একাংশঃ খানামুখত প্রতিক্রিয়া
নিয়মীয়া বাৰ্তা, ২৫ মেঃ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ঘৰে ঘৰে গৈ শেহতীয়াভাৱে ৰেপিড এণ্টিজেন টেষ্ট কৰাৰ বাবে এক পদক্ষেপ গ্রহণ কৰিছে৷ এনে পদক্ষেপ সঁচাকৈয়ে আদৰণীয় বুলি ইতিমধ্যে সকলোৱে মত পোষণ কৰিছে৷ কিয়নো এনে পদক্ষেপত বিশেষকৈ ৰাজধানী মহানগৰী গুৱাহাটীবাসী যথেষ্ট উপকৃত হোৱা বুলি জানিব পৰা গৈছে৷ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ দলসমূহে গুৱাহাটী মহানগৰীৰ চহৰ আৰু গ্রামাঞ্চলত এনে অভিযান অব্যাহত ৰাখিছে৷
উল্লেখনীয় যে স্বাস্থ্য বিভাগৰ এনে পদক্ষেপকো গুৱাহাটী মহানগৰীৰ একাংশ শিক্ষিত লোকে নস্যাৎ কৰি ৰেপিড এণ্টিজেন টেষ্ট কৰাৰ পৰা বিৰত থকা বুলি জানিব পৰা গৈছে৷ শেহতীয়াভাৱে জানিবলৈ পৰা মতে স্বাস্থ্য বিভাগৰ দল এটাই আজি ৰেপিড এণ্টিজেন টেষ্ট কৰাৰ বাবে মহানগৰীৰ আজাৰা থানাৰ অন্তর্গত খানামুখৰ কেহেৰুবাৰীত এক অভিযান আৰম্ভ কৰে৷ উল্লেখ্য যে উক্ত কেহেৰুবাৰী অঞ্চলটোত অতি কমেও সহস্রাধিক লোক বাস কৰে৷ কিন্তু অতি পৰিতাপৰ কথা এই যে স্বাস্থ্য বিভাগৰ দলটোৱে আজি কেহেৰুবাৰীৰ মাত্র ৯০জন লোকৰহে ৰেপিড এণ্টিজেন টেষ্ট কৰিবলৈ সক্ষম হয়৷ কিয়নো উক্ত অঞ্চলৰ জনসাধাৰণে স্বাস্থ্য বিভাগৰ এনে পদক্ষেপলৈ অংগুষ্ঠ প্রদর্শন কৰি দুৱাৰ–খিৰিকী মাৰি নিজ গৃহতে সোমাই থাকে৷
আনকি আশ্চর্যজনক কথা এই যে উক্ত অঞ্চলটোৰ যথেষ্ট সংখ্যক অৱসৰপ্রাপ্ত শিক্ষক, আৰক্ষী, উচ্চপদস্থ বিষয়াকে ধৰি বহুকেইগৰাকী শিক্ষিত লোক আছে৷ স্বাস্থ্য বিভাগৰ দলটোৱে তেওঁলোকৰ ঘৰলৈ গৈ মাতি অহাৰ পাছতো তেওঁলোক ঘৰৰ পৰা ওলাই নহা বিষয়টোৱে ব্যাপক চর্চা লাভ কৰিছে৷