ঋতুপৰ্ণৰ হত্যাকাৰীক ৰাইজৰ হাতত গতাই দিয়াৰ দাবী মিছিং সংগঠনৰ
নিয়মীয়া বাৰ্তা, ১৩ জুনঃ নৃশংস তথা বৰ্বৰভাৱে মহানগৰী গুৱাহাটীত হত্যা কৰা হ’ল ঋতুপৰ্ণ পেগুক। সামান্য তৰ্কা-তৰ্কিতে ছুৰীৰে উপৰ্যুপৰি আঘাত কৰাত অত্যধিক ৰক্তক্ষৰণ হৈ মৃত্যু হোৱা ঋতুপৰ্ণৰ মৃত্যুত জাঙুৰ খাই উঠিছে ৰাজ্যৰ দল-সংগঠন। ৰাজ্যৰ সকলো প্ৰান্তত এতিয়া প্ৰতিবাদ। শীঘ্ৰে দোষীক শাস্তি দিয়াৰ দাবীত ওলাই আহিছে ৰাইজ।
আজি কেইবাটাও মিছিং সংগঠনে সমদল উলিয়াই ঘেৰাও কৰে নুনমাটি থানা। দোষীক ৰাইজৰ হাতত গতাই দিবলৈ আৰক্ষীৰ হেঁচা প্ৰদান সংগঠন কেইটাৰ। পত্নীসহ সন্তানৰ দায়িত্ব ৰাজ্য চৰকাৰক বহন কৰিবলৈ আহ্বান জনোৱাৰ লগতে দোষীক কঠোৰতকৈ কঠোৰ শাস্তি দিবলৈও আহ্বান সংগঠনকেইটাই।