চানমাৰিৰ কৃষ্ণনগৰত পথ খহি ব্যাহত যাতায়াত; পানীৰ পাইপ বহুওৱাৰ নামত ঠিকাদাৰী প্রতিষ্ঠান জাইকাৰ মৰণফান্দ
নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ নামত ঠিকাদাৰী প্রতিষ্ঠান জাইকাই মহানগৰীৰ পথ খান্দি তহিলং কৰিছে৷ ঠিকাদাৰী প্রতিষ্ঠান জাইকাৰ নিম্নমানৰ কামৰ বাবে যাতায়াতৰ ক্ষেত্রত মহানগৰবাসীয়ে দুর্ভোগ ভুগি আহিবলগীয়া হৈছে৷ কেৱল পানীৰ পাইপ বহুওৱাৰ নামত জাইকাই মহানগৰীৰ বহু পথ, উপ–পথ খান্দি পেলোৱাৰ ফলত যাতায়াতৰ ক্ষেত্রত জীয়াতু ভুগিবলগীয়া হৈছে বিভিন্ন অঞ্চলৰ ৰাইজে৷ জাইকাৰ নিম্নমানৰ কামৰ বাবে চানমাৰিৰ কৃষ্ণনগৰ–জ্যোতিনগৰ সংযোগী পথটোৰ এটা অংশ তললৈ বহি যায়৷
স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, কালি নিশা কৃষ্ণনগৰ–জ্যোতিনগৰ সংযোগী পথত জাইকাই পথ খান্দি পানীৰ পাইপ বহুৱাইছিল৷ পানীৰ পাইপ বহুৱাবলৈ পথ খান্দোতে জাইকাৰ কর্মচাৰীয়ে পূর্বৰ পানী পৰিবাহী পাইপডাল ভাঙি পেলায়৷ পাইপ ভঙাৰ পিছতো মেৰামতিৰ ব্যৱস্থা নকৰি পথটো মাটিৰে ঢাকি দিয়ে৷ ফলত আজি পুৱা জিএমচিয়ে পানী যোগান ধৰাত পাইপৰ ভঙা অংশৰে পানী ওলাই অহাত পথটোৰ এটা অংশ তললৈ বহি যায়৷ জাইকাৰ ভুলৰ বাবে উক্ত পথেৰে অহা কেইবাখনো বাহন গাঁতত সোমায়, সৌভাগ্যক্রমেহে চালকৰ প্রাণৰক্ষা পৰে৷
জাইকাই খন্দা গাঁতত বাহন সোমোৱাৰ পিছতে স্থানীয় ৰাইজে বেৰা দি উক্ত পথেৰে যাতায়াত বন্ধ কৰি দিয়ে৷ স্থানীয় ৰাইজে পৌৰ নিগম কর্তৃপক্ষক উক্ত অঞ্চলত পানী যোগান বন্ধ কৰি দিবলৈ আহ্বান জনায়৷ জাইকাৰ নিম্নমানৰ কামৰ বাবে চানমাৰিৰ কৃষ্ণনগৰ–জ্যোতিনগৰ সংযোগী পথটোৰ এটা অংশ তললৈ বহি যোৱাৰ লগতে অঞ্চলটোৰ কেইবাটাও বাসগৃহৰ দেৱালো খহি পৰে৷ স্থানীয় ৰাইজে শীঘ্রে উক্ত পথটো মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰি তুলিবলৈ বিভাগীয় কর্তৃপক্ষক আহ্বান জনাইছে৷