নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খানাপাৰাত ব্রইলাৰ মুর্গীৰ পেলনীয়া অংগভর্তি বাহন জব্দ

নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ  গুৱাহাটী মহানগৰীত চলিছে ব্রইলাৰ মুর্গীৰ পেলনীয়া অংগৰ বেহা৷ একাংশ মাংসৰ দোকানৰ পৰা মুর্গীৰ পেলনীয়া অংগ সংগ্রহ কৰি ৰাজ্যৰ বিভিন্ন প্রান্তলৈ এটা ব্যৱসায়ী চক্রই সৰবৰাহ কৰি আহিছে৷ গুৱাহাটী পৌৰ নিগমৰ এটা দলে দিছপুৰ আৰক্ষীৰ সহযোগত অভিযান চলাই যোৱা ২ জানুৱাৰীৰ মাজনিশা গুৱাহাটীৰ পৰা নগাঁও অভিমুখী ১২খন ব্রইলাৰ মুর্গীৰ অংগভর্তি বাহন খানাপাৰাৰ পৰা জব্দ কৰে৷

উল্লেখ্য যে একাংশ মুর্গী মাংসৰ দোকানৰ পৰা ব্যৱসায়ী চক্রটোৱে ব্রইলাৰ মুর্গীৰ এই গেলা–পচা অংগসমূহ সামান্য দৰত ক্রয় কৰি ৰাজ্যৰ বিভিন্ন প্রান্তৰ মীন পালন কেন্দ্র অথবা পুখুৰীৰ মাছৰ খাদ্য হিচাপে বিক্রী কৰি আহিছে৷ মাছৰ বিজ্ঞানসন্মত খাদ্যৰ বিপৰীতে ব্রইলাৰ মুর্গীৰ গেলা–পচা অংগ যোগান ধৰি ব্যৱসায়ী চক্রটোৱে এক ভয়ংকৰ ৰোগৰ বীজাণু কঢ়িয়াই ফুৰা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে দিছপুৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ২৯৪ (এ)/৩৮৪/৫০৬/৩৪ ধাৰাত ২০/২০২১ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

You might also like