নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীপৰ বিলৰ ২৫ বিঘা ভূমিত পক্ষী নিৰীক্ষণ স্তম্ভ স্থাপনৰ সিদ্ধান্ত

নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ  অৱশেষত দীপৰ বিলৰ কাষৰীয়া বৃহত্তৰ চকৰদৌ, দেওচোতাল আদি অঞ্চলৰ ৰাইজৰ দাবী আৰু পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ বিশেষ তৎপৰতাত দীপৰ বিলক পর্যটনৰ আকর্ষণৰ কেন্দ্রবিন্দুলৈ উন্নীতকৰণৰ বাবে অসম চৰকাৰৰ পর্যটন বিভাগে গ্রহণ কৰা অভিলাষী আঁচনি ৰূপায়ণ কৰাত বন বিভাগে সহায়ৰ হাত আগবঢ়াব৷ ৩১ ডিচেম্বৰত ৰাজ্যৰ বনমন্ত্রী পৰিমল শুক্লবৈদ্য, বন বিভাগৰ প্রধান মুখ্য বন সংৰক্ষক এ এম সিঙে স্থানীয় বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ উপস্থিতিত দীপৰ বিলৰ লগত জডিত পর্যটনৰ ক্ষেত্রখনৰ উন্নয়নমূলক আঁচনি ৰূপায়ণত বন বিভাগৰ প্রতিবন্ধকতাসমূহ আঁতৰ কৰাৰ বাবে এক যৌথ জৰীপ চলোৱাৰ বাবে এক সিদ্ধান্ত গ্রহণ কৰা হৈছিল৷ সেই সিদ্ধান্ত অনুসৰি আজি দিনৰ ১১বজাৰ পৰা বিয়লি ২ বজালৈ দীপৰ বিলত এক যৌথ জৰীপ চলোৱা হয়৷ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ উপস্থিতিত চলোৱা যৌথ জৰীপৰ সময়ত অসম চৰকাৰৰ পর্যটন বিভাগৰ সঞ্চালক দেৱ কুমাৰ মিশ্র, কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথ, বন বিভাগৰ গুৱাহাটী বন্যপ্রাণী সংমণ্ডলৰ ডি এফ অ’ জয়ন্ত ডেকা, আজাৰা ৰাজহ চক্রৰ চক্র বিষয়া মৃণাল বৰা, ট্যুৰ অপাৰেটৰ এছ’চিয়েচন অৱ আছামৰ কার্যবাহী সদস্য প্রমোদ কলিতা, চকৰদৌ মিকিৰপাৰা পৰিৱেশ উন্নয়ন কমিটীৰ সভাপতি বকুল ৰংপীকে ধৰি কেইবাজনো কর্মকর্তা উপস্থিত থাকে৷ আনহাতে, যৌথ জৰীপৰ অন্তত বিলখনৰ জৈৱ বৈচিত্র্যত কোনো হানি–বিঘিনি নোহোৱাকৈ বিলৰ দাঁতিত থকা প্রায় ২৫ বিঘা মাটিত প্রথম পর্যায়ত পর্যটকক আকর্ষিত কৰাৰ বাবে এটা পক্ষী নিৰীক্ষণ স্তম্ভ বা ৱাচ্চিং টাৱাৰ, এখন কাফেটেৰীয়া আৰু ব’টিং পইণ্ট বা নৌকাচালনাৰ ঘাট নির্মাণৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ অৱশ্যে নৌকাচালনা বন বিভাগৰ তত্ত্বাৱধানত সম্পন্ন হ’ব৷ উল্লেখযোগ্য যে অসম চৰকাৰে স্থানীয় বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ জৰিয়তে ছিগনেচাৰ আঁচনিৰ অধীনত দীপৰ বিলক পর্যটনৰ আকর্ষণৰ কেন্দ্রবিন্দুলৈ উন্নীতকৰণৰ বাবে পর্যটন বিভাগক ২০১৮ চনতে ১০ কোটি টকাৰ আবণ্টন দিছিল৷ কিন্তু বন বিভাগে আপত্তিবিহীন প্রমাণ–পত্র প্রদান নকৰা বাবে এই পর্যন্ত আঁচনিখন ৰূপায়িত কৰিব পৰা হোৱা নাই৷ আনকি সদ্যসমাপ্ত বিধানসভাৰ অধিৱেশনত বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই বিষয়টো উৎখাপন কৰি মুখ্যমন্ত্রীৰো দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয়৷

You might also like