নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সিজুবাৰীৰ বশিষ্ঠ নৈৰ পাৰত অবৈধ মাছৰ বজাৰ

পৌৰ নিগম–আৰক্ষীৰ বাবে প্রতিকেজি মাছত ৬ টকাকৈ গুণ্ডাকৰ সংগ্রহ

নিয়মীয়া বাৰ্তা ৭ নৱেম্বৰঃ গুৱাহাটী পৌৰ নিগম আৰু মহানগৰ আৰক্ষীৰ অসাধু বিষয়া–কর্মচাৰীৰে গোপন বুজাবুজি কৰি মহানগৰীৰ বিভিন্ন স্থানত অবৈধ বজাৰ চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ মহানগৰীৰ লখৰা–গড়চুক–কাহি ধৰি বিভিন্ন স্থানত দালাল চক্রই অবৈধ বজাৰ চলাই অহাৰ সমান্তৰালকৈ হাতীগাঁও–সিজুবাৰীৰ বশিষ্ঠ নৈৰ পাৰত দীর্ঘদিন ধৰি এটা চক্রই অবৈধভাৱে মাছৰ পাইকাৰী বজাৰ চলাই অহাৰ অভিযোগ উঠিছে৷ সিজুবাৰীৰ বশিষ্ঠ নৈৰ পাৰত অবৈধভাৱে মাছৰ বজাৰ স্থাপন কৰি এই চক্রটোৱে কৰফাঁকিৰে দৈনিক লাখ লাখ টকা মুনাফা লুটিছে৷ হাতীগাঁৱৰ কাদিৰ আলী, মুকিব আৰু জাকিৰ বাহিনীয়ে এই মাছৰ বজাৰখনক লৈ ছিণ্ডিকেট চলাই আহিছে৷ অভিযোগ অনুসৰি, গুণ্ডা বাহিনীক লগত লৈ কাদিৰ, মুকিব, জাকিৰে দীর্ঘদিন ধৰি অবৈধভাৱে মাছৰ পাইকাৰী বজাৰখন চলাই আহিছে৷ কাদিৰ বাহিনীয়ে ব্যৱসায়ীসকলৰ পৰা প্রতিকেজি মাছত ৬ টকাকৈ মহানগৰ আৰক্ষী আৰু পৌৰ নিগমৰ বিষয়া–কর্মচাৰীৰ নামত গুণ্ডাকৰ সংগ্রহ কৰি আহিছে৷ অস্বাস্থ্যকৰ পৰিৱেশত অবৈধভাৱে মাছৰ বজাৰখন বহুৱাই কাদিৰ বাহিনীয়ে অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰাৰ লগতে বশিষ্ঠ নৈৰ জৈৱ–বৈচিত্র্যলৈও ভাবুকি কঢ়িয়াই আনিছে৷ স্থানীয় ৰাইজে অবৈধ মাছৰ বজাৰখন উচ্ছেদ কৰিবলৈ পৌৰ নিগম আৰু জিলা প্রশাসনক বহুবাৰ আবেদন–নিবেদন কৰিছে যদিও এইক্ষেত্রত আজিলৈকে কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ জিএমচিৰ এক শীর্ষ সূত্রই জানিবলৈ দিয়া মতে, বশিষ্ঠ নৈৰ পাৰৰ মাছৰ বজাৰখন সম্পূর্ণ অবৈধ৷ এই অবৈধ বজাৰখন উচ্ছেদৰ বাবে পৌৰ নিগমে যো–জা চলাইছিল, কিন্তু ৰহস্যজনক কাৰণত এই বজাৰখন উচ্ছেদ কৰা নহ’ল৷ প্রতিদিনে এই বজাৰখনলৈ শতাধিক ব্যৱসায়ীয়ে টাটা ডি আই আৰু টেম্পোৰে বিভিন্ন স্থানৰ পৰা হাজাৰ হাজাৰ কেজি মাছ বিক্রী কৰিবলৈ আহে৷ প্রতিকেজি মাছৰ পৰা ৬ টকাকৈ গুণ্ডাকৰ সংগ্রহ কৰি আৰক্ষী আৰু পৌৰ নিগমৰ বিষয়াৰ নামত কাদিৰ বাহিনীয়ে অবৈধভাৱে বজাৰখন চলাই আহিছে৷ এই অবৈধ বজাৰখনত কাদিৰৰ গুণ্ডা বাহিনীৰ অনুমতি লৈহে ব্যৱসায় কৰিব পাৰে৷ অস্বাস্থ্যকৰ পৰিৱেশত চলাই অহা অবৈধ বজাৰখনৰ ফটো আৰু ভিডি’ সংগ্রহ কৰিবলৈও কাদিৰৰ গুণ্ডা বাহিনীৰ অনুমতিৰ প্রয়োজন৷ সিজুবাৰীৰ এই অবৈধ বজাৰখন উচ্ছেদ কৰিবলৈ জিএমচি কর্তৃপক্ষই কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like