নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাছ মৰাৰ অচিলাৰে পৰিভ্রমী পক্ষী–দুষ্প্রাপ্য কাছৰ চোৰাং বেহা

দীপৰ বিলৰ মুখত স্থাপন কৰা বান্ধ শীঘ্রে উচ্ছেদৰ দাবী ৰাইজৰ

নিয়মীয়া বাৰ্তা ৭ নৱেম্বৰঃ মহানগৰীৰ পাৰিপার্শ্বিক ভাৰসাম্য ৰক্ষাত অতুলনীয় অৱদান আগবঢ়াই অহাৰ উপৰি ৰাজ্যৰ একমাত্র পক্ষী অভয়াৰণ্য দীপৰ বিলখন সংৰক্ষণ আৰু সংবর্ধনৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰি অহা বুলি সততে ঘোষণা কৰি আহিছে যদিও বাস্তৱ ক্ষেত্রত ইয়াৰ ওলোটা ছবিহে দেখিবলৈ পোৱা যায়৷ কিয়নো চৰকাৰী ঘোষণাৰ বিপৰীতে এটা চক্রই দীপৰৰ মুখত বৃহৎ বান্ধ বহুৱাই মাছ, কাছৰ লগতে দেশী–বিদেশী পৰিভ্রমী চৰাইৰ গোপন বেহা চলোৱাৰ গুৰুতৰ অভিযোগ উঠিছে৷ প্রাপ্ত অভিযোগ অনুসৰি, দীপৰ বিলৰ পানী ব্রহ্মপুত্রৰ দিশে ববলৈ আৰম্ভ কৰাৰ পিছতে এটা দুষ্ট চক্রই খানা নৈ আৰু দীপৰ বিল সংযোগী অংশতে স্থাপন কৰিছে এটি বৃহৎ মাছ মৰা বান্ধ৷ প্রায় আধা কিলোমিটাৰজুৰি বিস্তৃত এই বান্ধত বন্দী হয় দীপৰ বিলৰ পৰা খানা নৈৰে ব্রহ্মপুত্রলৈ গতি কৰা ৰৌ, ভকুৱা, বৰালি, মিৰিকা, বাহু, পুঠি, খলিহনাকে ধৰি বিভিন্ন প্রজাতিৰ দুষ্প্রাপ্য মাছ, কাছ৷ অবৈধভাৱে দীপৰৰ মাছবোৰ ধৰি বজাৰত উচ্চ দামত বিক্রী কৰি এই চক্রটোৱে লাখ লাখ টকা নিজৰ পকেটত সোমাই আহিছে৷ উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রাণী বিজ্ঞান বিভাগৰ এক সমীক্ষা অনুসৰি, দীপৰ বিল প্রায় ৫০ বিধ মাছ, ২৫ বিধ উভচৰ প্রাণী, বিভিন্ন প্রজাতিৰ সৰীসৃপ, কাছ, ২৫০ বিধ দেশী–বিদেশী পৰিভ্রমী বিহংগৰ আৱাসস্থলী৷ ভৌগোলিক, পাৰিপার্শ্বিক আৰু জৈৱ–বিচিত্রতাৰ ওপৰত ভিত্তি কৰি ১৯৮৯ চনত কামৰূপ জিলা, গুৱাহাটী মহকুমা, পলাশবাৰী ৰাজহ চক্র, ৰামচাৰাণী মৌজাৰ অন্তর্গত দীপৰ বিলক চৰকাৰী অধিসূচনা এফ আৰ ডব্লিউ ১/৮৯/২৬ দিনাংক ১২/১/৮৯, ভাৰতীয় বন্যপ্রাণী (প্রতিৰোধ) আইন ১৯৭২ৰ ১৯নং শাখাৰ উপ–বিধি ২৬ৰ অধীনত ৪.১৪ বর্গ কিলোমিটাৰ অংশক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়৷ চৰকাৰে স্মার্ট চিটীৰ সৈতে দীপৰ বিলক সংলগ্ণ কৰাৰ পিছতো কিদৰে দুষ্ট চক্রই দীপৰ বিলত বৃহৎ মাছ মৰা বান্ধ বহুৱাই মাছ, কাছ, চৰাইৰ অবৈধ বেহা চলাব পাৰিছে, সেয়া ৰহস্যৰ বিষয়৷ স্থানীয় লোকসকলে শীঘ্রে বৃহৎ মাছ মৰা বান্ধটো উচ্ছেদ কৰাৰ লগতে ইয়াৰ লগত জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণৰ বাবে সংশ্লিষ্ট কর্তৃপক্ষক দাবী জনাইছে৷

You might also like