শিলসাঁকো বিলৰ ভূমিত অবাধ বেদখল
নিয়মীয়া বাৰ্তা ৬ অক্টোবৰঃ মহানগৰীৰ বিভিন্ন স্থানত থকা জলাশয়সমূহ সংৰক্ষণৰ ক্ষেত্রত চৰকাৰ–প্রশাসনে সময়ে সময়ে কেতবোৰ পৰিকল্পনা প্রস্তুত কৰি আহিছে যদিও সেইসমূহ ফাইলতে আবদ্ধ থকা পৰিলক্ষিত হৈছে৷ চৰকাৰ –প্রশাসনৰ নির্লিপ্ততাৰ সুযোগ গ্রহণ কৰি অসাধু চক্রই জলাশয়ৰ ভূমি বেদখলত নামি পৰিছে৷ জলাশয়ৰ ভূমি বেদখল কৰি একাংশ অসাধু লোকে নির্মাণকার্য চলাই থকাৰ পিছতো প্রশাসনে বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ ফলত মহানগৰীৰ বিভিন্ন স্থানত থকা জলাশয়সমূহ ক্রমাৎ সংকুচিত হৈ পৰিছে৷ বিশেষকৈ শিলসাঁকো বিলৰ ভূমিত বিগত কেইবাবছৰ ধৰি বেদখলকাৰীয়ে প্রশাসনৰ অজ্ঞাতে ঘৰ–দুৱাৰ নির্মাণ কৰি বসতি স্থাপন কৰি অহাৰ অভিযোগ উত্থাপন হৈছে৷ ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা অহা একাংশ ভূ–মাফিয়াই বিলৰ ভূমি বেদখল কৰি দেৱাল নির্মাণ কৰিছে৷ তদুপৰি একাংশ লোকে বিলৰ ভূমি বেদখল কৰি আন একাংশ লোকৰ ওচৰত বিক্রী কৰি আহিছে৷ বিলৰ চৌপাশৰ পৰা বেদখলকাৰীয়ে প্রতিবছৰে ভূমি বেদখল কৰি বসতি স্থাপন কৰাৰ পিছতো এইক্ষেত্রত বিভাগীয় কর্তৃপক্ষই বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ উল্লেখ্য যে বিলৰ ভূমিত বেদখলকাৰীয়ে অট্টালিকাৰ উপৰি তর্জা বেৰৰ ঘৰ নির্মাণ কৰি সন্দেহযুক্ত লোকক ভাৰাত দিয়াৰ অভিযোগ উঠিছে৷ সেয়েহে এইক্ষেত্রত জিলা প্রশাসনক বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ সচেতন মহলে আহ্বান জনাইছে৷ মন কৰিবলগীয়া কথা এই যে এইদৰে জলাশয় পুতি বসতি স্থাপন কৰিলে প্রাকৃতিক ভাৰসাম্য হেৰুওৱাৰ লগতে মানৱ জাতিৰ বাবে ই ভয়ংকৰ বিপদ কঢ়িয়াই আনিব বুলি সামাজিক মাধ্যমত চর্চা হৈছে৷