নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীর্ঘদিনে বিকল বৰঝাৰ বিমান কোঠৰ অত্যাধুনিক শৌচালয়–প্রস্রাৱাগাৰ্

 নিয়মীয়া বাৰ্তা ৬ অক্টোবৰঃ  গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰ কর্তৃপক্ষৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ বাবে যাত্রী আৰু কর্মচাৰীয়ে চৰম আহুকালৰ সন্মুখীন হ’ব লগা হোৱা ঘটনাই ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে যোৱা ২৫ মে’ৰ পৰা ঘৰুৱা বিমানৰ চলাচল আৰম্ভ হোৱাৰ পৰা বৰঝাৰ বিমানবন্দৰৰ পৰা দৈনিক গড় হিচাপত পাঁচ হাজাৰতকৈ অধিক যাত্রীয়ে অহা–যোৱা কৰি আছে৷ তদুপৰি যাত্রীক অনা–নিয়া কৰা যান–বাহন, যাত্রীক আগবঢ়াই থ’বলৈ অহা পৰিয়ালৰ লোককে ধৰি ক’ভিড–১৯ সংক্রান্তীয় কাম–কাজত জড়িত কর্মচাৰীকে ধৰি দৈনিক বিমানবন্দৰটোত দহ হাজাৰৰো অধিক লোকৰ সমাগম হয়৷ ক’ভিড–১৯ৰ সংক্রমণৰ বাবে বিমান যাত্রাৰ বাবে বহু নীতি–নিয়মৰ সাল–সলনি কৰাৰ বাবে যাত্রীয়ে বিমান যাত্রাৰ তিনি–চাৰি ঘণ্টা আগতে আহি বিমানবন্দৰত উপস্থিত হয়৷ কিন্তু বিমানবন্দৰ চৌহদত থকা দুটাকৈ ই–টয়লেট দীর্ঘদিন ধৰি বন্ধ হৈ থকাত যাত্রীসকল চৰম দুর্ভোগৰ সন্মুখীন হ’ব লগাত পৰিছে৷ জানিব পৰা মতে লকডাউনৰ সময়তে চৌহদৰ বাহিৰত থকা ই–টয়লেট দুটা বিকল হৈ পৰে৷ সেই সময়ত বিমানৰ চলাচল বন্ধ হৈ আছিল বাবে কোনো অসুবিধাৰ সৃষ্টি হোৱা নাছিল৷ যোৱা ২৫ মে’ৰ পৰা বিমানৰ চলাচল আৰম্ভ হয় যদিও বিমানবন্দৰ কর্তৃপক্ষই ই–টয়লেট দুটা মেৰামতি কৰি সুচল কৰি নুতুলিলে৷ ফলত বিমানযাত্রাৰ তিনি–চাৰি ঘণ্টা পূর্বে অহা যাত্রীসকলে শৌচ–প্রস্রাৱ কৰাৰ বাবে ভীষণ দুর্ভোগৰ সন্মুখীন হ’ব লগা হৈছে৷ পুৰুষ যাত্রীসকলৰ একাংশই দক্ষিণ দিশত থকা বিকল টয়লেটটোৰ পাছফালে গৈ প্রস্রাৱ কৰাৰ দৃশ্যই বিমানবন্দৰৰ পৰিৱেশ কলুষিত কৰি তুলিছে৷ কিন্তু মহিলা যাত্রীসকলৰ কোনো বিকল্প নথকাত কেনে পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হয় সেয়া সহজেই অনুমেয়৷ বিমানবন্দৰ কর্তৃপক্ষই ই–টয়লেট দুটা কিয় সুচল কৰি তোলা নাই সেয়া সাধাৰণ লোকৰ বাবে এক নুবুজা সাঁথৰ৷ নে বৰঝাৰ বিমানবন্দৰটো ব্যক্তিগত খণ্ডক গতাই দিয়াৰ বাবে কর্তৃপক্ষই নিজৰ দায়িত্বত হেমাহি কৰিছে নেকি বুলি বর্তমান সৰৱ চর্চা চলিছে৷

You might also like