নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লেচীক বজাৰ গতাই দিয়াৰ বিৰোধিতা ব্যৱসায়ীৰ

ছয়মাইল উৰণীয়া সেতুৰ তলৰ বজাৰৰ নিবিদা আহ্বান জিএমচিৰ

নিয়মীয়া বাৰ্তা ১২ মাৰ্চঃ মহানগৰীৰ ছয়মাইল উৰণীয়া সেতুৰ তলৰ বজাৰখন গুৱাহাটী পৌৰ নিগমে পুনৰ লেচীক গতাই দিয়াৰ সিদ্ধান্তক লৈ ব্যৱসায়ীসকলৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ মাচুল সংগ্রহৰ নামত একাংশ স্থানীয় যুৱকে বজাৰৰ ব্যৱসায়ীসকলক নির্যাতন চলোৱাৰ পিছত ভুক্তভোগী ব্যৱসায়ীসকলৰ প্রতিবাদত সেও মানি পৌৰ নিগমে পোনপটীয়াভাৱে বজাৰখন কেইমাহমান পৰিচালনা কৰিছিল৷ ফলত ব্যৱসায়ীসকলে জিএমচি কর্তৃপক্ষই বান্ধি দিয়া মাচুল নিয়মিতভাৱে আদায় দি আহিছে৷ কিন্তু পুনৰ বজাৰখন ২০২১–২২ বর্ষৰ বাবে জিএমচি কর্তৃপক্ষই নিবিদাৰ জৰিয়তে ব্যক্তি–বিশেষক গতাই দিয়াৰ সিদ্ধান্ত গ্রহণ কৰি ইতিমধ্যে নিবিদা আহ্বান কৰিছে৷ অহা এক এপ্রিলৰ পৰা এবছৰৰ বাবে বজাৰখন নিবিদা আহ্বান কৰিছে৷

ইপিনে, পৌৰ নিগমৰ এই সিদ্ধান্তৰ তীব্র বিৰোধিতা কৰি পথ ব্যৱসায়ী সন্থা অসমৰ ছয়মাইল শাখা সমিতিয়ে শীঘ্রে এই সিদ্ধান্ত প্রত্যাহাৰৰ দাবী জনাইছে৷ ছয়মাইল উৰণীয়া সেতুৰ তলৰ বজাৰখন পুনৰ লেচীৰ হাতত গতাই দিয়াৰ পৰিৱর্তে জিএমচিৰ অধীনত ৰখাৰ বাবে দাবী জনাই কালি পথ ব্যৱসায়ী সন্থাৰ ছয়মাইল শাখা সমিতিয়ে জিলা উপায়ুক্তলৈ স্মাৰক–পত্র প্রেৰণ কৰিছে৷ উল্লেখ্য যে পৌৰ নিগমৰ মাচুলৰ নিৰিখ ভেঙুচালি কৰি একাংশ উদণ্ড যুৱকে বজাৰখনৰ ব্যৱসায়ীসকলৰ পৰা নীতি–বহির্ভূতভাৱে ধন সংগ্রহ কৰি ব্যৱসায়ীসকলক নির্যাতন চলাই আহিছে৷ ব্যৱসায়ীসকলৰ পৰা নীতি–বহির্ভূতভাৱে ধন সংগ্রহ কৰাৰ অভিযোগত বজাৰ বন্ধ ৰাখি প্রতিবাদ সাব্যস্ত কৰাত বজাৰখন লেচীৰ পৰিৱর্তে পৌৰ নিগমৰ অধীনলৈ আহিছিল৷ কিন্তু পুনৰ বজাৰখন লেচীক গতাই দিয়াৰ বাবে জিএমচিয়ে নিবিদা আহ্বান কৰে৷ সেয়েহে ব্যৱসায়ীসকলে পৌৰ নিগমক এই সিদ্ধান্ত প্রত্যাহাৰৰ দাবী জনাইছে৷ অন্যথা বজাৰৰ ব্যৱসায়ীসকলে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰিব বুলি সভাপতি হাছিনা বেগম আৰু সম্পাদক ৰাজীৱ ডেকাই জানিবলৈ দিছে৷

You might also like