নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাত্র–ছাত্রীৰ প্রতিবাদত উত্তাল গুঃ বিশ্ববিদ্যালয় চৌহদঃ আন্দোলনৰ মাজতে নতুন সময়সূচী, ৩০ এপ্রিলৰ পৰা পৰীক্ষা

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঊর্ধ্বতন কর্তৃপক্ষৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সোমবাৰেও উত্তাল হৈ পৰে গুৱাহাটী বিশ্ববিদ্যালয়৷ কর্তৃপক্ষই পূর্ব নির্ধাৰিত সূচী অনুসৰি সোমবাৰৰ পৰা স্নাতকোত্তৰ শ্রেণীৰ প্রথম ষাণ্মাসিকৰ চূড়ান্ত পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে৷

গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষৰ দ্বাৰা প্রকাশিত পৰীক্ষাৰ সূচী প্রত্যক্ষ কৰি স্নাতকোত্তৰ শ্রেণীৰ প্রথম ষাণ্মাসিকৰ চূড়ান্ত পৰীক্ষাৰ পৰীক্ষার্থীসকল হতচকিত হৈ পৰে৷ কিয়নো গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই যোৱা ফেব্রুৱাৰী মাহত পাঠ্যক্রম আৰম্ভ কৰি এপ্রিল মাহত পৰীক্ষা অনুষ্ঠিত কৰিব বিচাৰিছিল৷ যাৰ ফলত ছাত্র–ছাত্রীসকল বিশ্ববিদ্যালয় কর্তৃপক্ষৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে৷ উপায়বিহীন হৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে বিশ্ববিদ্যালয়খনৰ অধীনৰ প্রাদেশীকৃত মহাবিদ্যালয়সমূহৰ স্নাতকোত্তৰ শ্রেণীৰ প্রথম ষাণ্মাসিকৰ ছাত্র–ছাত্রীসকলে ঊর্ধ্বতন কর্তৃপক্ষৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰাৰ লগতে পৰীক্ষা পিছুৱাই দিয়াৰ দাবীত আমৰণ অনশন কার্যসূচী গ্রহণ কৰে৷

ইপিনে দেওবাৰে নিশাপর্যন্ত আমৰণ অনশন কার্যসূচী চলি থকাৰ মাজতেই বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্রকে এখন জাননী জাৰি কৰি স্পষ্টভাৱে উল্লেখ কৰে যে ১৯ এপ্রিল অর্থাৎ সোমবাৰৰে পৰা অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাত অৱতীর্ণ হ’ব নোৱাৰা ছাত্র–ছাত্রীসকলে দ্বিতীয় পর্যায়ৰ পৰীক্ষাত অৱতীর্ণ হ’বলৈ বিভাগীয়প্রধান অথবা সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ মুৰব্বীৰ জৰিয়তে পৰীক্ষা নিয়ন্ত্রকক জনাব লাগিব৷ এনে এখন জাননী পোৱাৰ পিছত প্রতিবাদকাৰী ছাত্র–ছাত্রীসকলে আমৰণ অনশন কার্যসূচী প্রত্যাহাৰ কৰে৷ কিন্তু অতি আশ্চর্যজনক যে প্রথম ষাণ্মাসিকৰ পৰীক্ষার্থীসকলক নজনোৱাকৈ বিশ্ববিদ্যালয় কর্তৃপক্ষই সোমবাৰৰ পৰা অনুষ্ঠিতব্য পৰীক্ষাসমূহ বাতিল কৰে৷

ইপিনে, কালি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শ্রেণীৰ প্রথম ষাণ্মাসিকৰ ছাত্র–ছাত্রীয়ে দ্বিতীয় পর্যায়ৰ পৰীক্ষাত অৱতীর্ণ হ’ব বুলি শিক্ষানুষ্ঠানৰ মুৰব্বী তথা বিভাগীয়প্রধানৰ জৰিয়তে লিখিত আবেদন লৈ অনাৰ পিছত ছাত্র–ছাত্রীসকলৰ এনে আবেদন গ্রহণ কৰিবলৈ বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্রকে অপাৰগতা প্রকাশ কৰে৷ এনে প্রেক্ষাপটত ছাত্র–ছাত্রীসকল পুনৰ বিপাঙত পৰে৷

অৱশেষত উপায়ান্তৰ গৈ প্রথম ষাণ্মাসিকৰ ছাত্র–ছাত্রীসকলে বিশ্ববিদ্যালয়ৰ প্রশাসনীয় ভৱনৰ সন্মুখত কর্তৃপক্ষৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰে৷ পুৱাৰে পৰা বিয়লি পর্যন্ত ছাত্র–ছাত্রীসকলে তীব্র প্রতিবাদ সাব্যস্ত কৰে যদিও বিশ্ববিদ্যালয় কর্তৃপক্ষই এনে দাবী–প্রতিবাদৰ প্রতি কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰাত পৰিস্থিতি ক্রমাৎ উত্তাল হৈ পৰে৷ ভুক্তভোগী ছাত্র–ছাত্রীসকলে অৱশেষত বিশ্ববিদ্যালয়ৰ প্রশাসনীয় ভৱনৰ সন্মুখৰ মূল গেটৰ সন্মুখত বহি কর্তৃপক্ষৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্রতিবাদী শ্লোগান দি বিশ্ববিদ্যালয় চৌহদ উত্তাল কৰি তোলে৷

পৰৱর্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঊর্ধ্বতন কর্তৃপক্ষৰ কোনো এগৰাকী বিষয়া প্রতিবাদকাৰী ছাত্র–ছাত্রীসকলৰ সন্মুখত উপস্থিত নোহোৱাকৈ স্নাতকোত্তৰ ছাত্র সন্থাৰ জৰিয়তে পুনৰ এখন পৰীক্ষাৰ সময় সূচী প্রকাশ কৰে৷ সেই মর্মে পৰীক্ষাসমূহ ৩০ এপ্রিলৰ পৰা অনুষ্ঠিত হ’ব৷ পৰীক্ষাসূচী অনুসৰি পূর্বৰ সূচীখনৰ তুলনাত ছাত্র–ছাত্রীসকলে মাত্র দহটা দিনহে পৰীক্ষাৰ বাবে সাজু হ’ব পাৰিব৷ পৰীক্ষা নিয়ন্ত্রকৰ কালিৰ এই কার্যসূচীক কেন্দ্র কৰি অধিকাংশ ছাত্র–ছাত্রী সন্তুষ্ট নহয় বুলিও জানিব পৰা গৈছে৷

You might also like