নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধি উলংঘাৰে পৰিচালনা সমিতিৰ সভাত ল’লে অধ্যক্ষ নিযুক্তিৰ প্রস্তাৱ

ৰাজ্যিক ৰেডক্রছ ছ’চাইটীত অৰাজকতা

নিয়মীয়া বাৰ্তা ২১ আগষ্টঃ আন্তঃৰাষ্ট্রীয় মানৱতাবাদী স্বেচ্ছাসেৱী অনুষ্ঠান ৰেডক্রছৰ ভাৰতীয় ৰেডক্রছ ছ’চাইটীৰ অধীনস্থ অসম শাখাত দীর্ঘদিন ধৰি অৰাজক পৰিস্থিতি বিৰাজ কৰিছে৷ ‘নিয়মীয়া বার্তা’ কাকতত ৰেডক্রছ ছ’চাইটীৰ অসম ৰাজ্যিক শাখাত চলি থকা অনিয়মৰ বাতৰি প্রকাশ পোৱাৰ পিছতে সর্বত্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ এই বাতৰি প্রকাশ পোৱাৰ পিছতে অসম ৰেডক্রছ ছ’চাইটীৰ উপ–সভাপতিয়ে যোৱা ১৮ আগষ্টত পৰিচালনা কমিটীৰ এখন সভা অনুষ্ঠিত কৰে৷ উক্ত সভাতে ৰেডক্রছ ছ’চাইটীৰ আইন উলংঘাৰে এগৰাকী নতুন অধ্যক্ষ নির্বাচিত কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰে৷

ৰেডক্রছ ছ’চাইটীৰ আইন অনুসৰি সাধাৰণ সভাতহে অধ্যক্ষ নির্বাচিত কৰিব পাৰে৷ কিন্তু যোৱা ১৮ আগষ্টত ৰেডক্রছ ছ’চাইটীৰ ৰাজ্যিক শাখাৰ উপ–সভাপতিয়ে অনুষ্ঠিত কৰা পৰিচালনা কমিটীৰ সভাত নতুন অধ্যক্ষ নির্বাচিত কৰাৰ বাবে লোৱা সিদ্ধান্ত ৰেডক্রছ ছ’চাইটীৰ বাবে এক নজিৰবিহীন ঘটনা আৰু এয়া এক অশুভ সংকেত বুলি সর্বত্র চর্চা চলিছে৷ লক্ষণীয় যে ৰেডক্রছ ছ’চাইটীৰ আইন অনুসৰি এখন পৰিচালনা কমিটীৰ কার্যকাল তিনি বছৰ৷

কিন্তু পাঁচ বছৰ উকলি যোৱাৰ পিছতো অসম ৰাজ্যিক শাখাৰ পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে এতিয়াও নীতি–নির্দেশনা উলংঘাৰে ৰেডক্রছৰ ধনৰ লেনদেন কৰি আহিছে৷ অসম ৰাজ্যিক শাখাৰ বিষয়ে অভিযোগ লাভ কৰাৰ পিছতে ৰাজ্যপালে ৰেডক্রছ ছ’চাইটীৰ শাখাৰ উপ–সভাপতি হিচাপে স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিবক মনোনীত কৰি ৰেডক্রছ ছ’চাইটীত চলি থকা অনিয়মৰ অনুসন্ধান কৰি ব্যৱস্থা গ্রহণ কৰিবলৈ দায়িত্ব অর্পণ কৰিছিল৷ কিন্তু এতিয়ালৈকে এইক্ষেত্রত উপ–সভাপতিগৰাকীয় কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ বৰঞ্চ ৰেডক্রছ ছ’চাইটীৰ সংবিধান উলংঘাৰে সাধাৰণ সভাৰ পৰিৱর্তে পৰিচালনা সমিতিৰ সভাতে অধ্যক্ষ মনোনীত কৰাৰ সিদ্ধান্ত গ্রহণ কৰাত সর্বত্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷

You might also like