জনশিমলুত উচ্ছেদ নকৰে বন বিভাগে
নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ আমচাং অভয়াৰণ্যক বেদখলমুক্ত কৰাৰ বাবে ২০১৭ চনত ৰাজ্যৰ বন বিভাগে চলোৱা উচ্ছেদ অভিযানত ক্ষতিগ্রস্ত পৰিয়ালে ক্ষতিপূৰণ পোৱা সন্দর্ভত সঠিক তথ্য নাই আৰু উচ্ছেদ অভিযানত বিদ্যুৎ সংযোগ কর্তন কৰা জনশিমলুৰ ননকেগাঁৱত এমাহৰ ভিতৰত পুনৰ বিদ্যুৎ সংযোগ দিয়া হ’ব৷ তদুপৰি আমচাং অভয়াৰণ্যৰ দাঁতিকাষৰীয়া জনশিমলু অঞ্চলত ইতিমধ্যে উচ্ছেদ সম্পন্ন হৈছে আৰু পৰৱর্তী সময়ত বন বিভাগে এই অঞ্চলত উচ্ছেদ অভিযান নচলায়৷ আজি অসম বিধানসভাৰ শীতকালীন অধিৱেশনত বিৰোধী দলপতি তথা বিধায়ক দেৱব্রত শইকীয়াই জনশিমলুৰ ননকেগাঁৱৰ বাসিন্দাসকলৰ দুর্দশাৰ কথা উল্লেখ কৰি কৰা এক প্রশ্ণৰ উত্তৰত অসম চৰকাৰৰ ৰাজহ বিভাগৰ স্বতন্ত্র মন্ত্রী যোগেন মহনে এই তথ্য সদৰী কৰে৷
মন্ত্রী যোগেন মহনে সদনৰ মজিয়াত দাঙি ধৰা তথ্যত উল্লেখ কৰা অনুসৰি, ২০১৭ চনৰ নৱেম্বৰ মাহত জনশিমলুৰ ননকেগাঁৱত বন বিভাগে এক উচ্ছেদ অভিযান চলায়৷ এই উচ্ছেদ অভিযানত আমচাঙৰ দাঁতিকাষৰীয়া অঞ্চল জনশিমলুত শক্তি বিভাগে বিদ্যুৎ কর্তন কৰে৷ ফলত গাঁওখনৰ ১১৪টা পৰিয়াল দীর্ঘদিন ধৰি বিদ্যুৎ সংযোগৰ পৰা বঞ্চিত হয়৷ বিদ্যুৎ সংযোগ কর্তন কৰা শতাধিক ভুক্তভোগী পৰিয়ালে এই সন্দর্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰাৰ পিছত কিছুদিন পূর্বে ন্যায়ালয়ে আবেদনৰ শুনানি গ্রহণ কৰি পুনৰ শক্তি বিভাগক গাঁওখনত বিদ্যুৎ সংযোগ কৰাৰ নির্দেশ দিয়ে৷ ন্যায়ালয়ৰ নির্দেশ অনুসৰি শক্তি বিভাগে ইতিমধ্যে জৰীপ সম্পন্ন কৰিছে আৰু অহা দুই–এদিনৰ ভিতৰতে এষ্টিমেটৰ কাম সম্পূর্ণ কৰিব৷ এষ্টিমেটৰ ধন আদায় দিয়াৰ এমাহৰ ভিতৰতে আন্তঃগাঁথনিৰ কাম সমাপ্ত কৰি অঞ্চলটোত পুনৰ বিদ্যুৎ সংযোগ কৰা হ’ব বুলি মন্ত্রী যোগেন মহনে উল্লেখ কৰে৷
ইপিনে, বিৰোধী দলপতি দেৱব্রত শইকীয়াই উচ্ছেদিত পৰিয়ালে ক্ষতিপূৰণ পাব নে নাই বুলি কৰা প্রশ্ণৰ উত্তৰত মন্ত্রী যোগেন মহনে উল্লেখ কৰা অনুসৰি এই সন্দর্ভত চৰকাৰৰ হাতত সঠিক তথ্য নাই৷ ইপিনে, জনশিমলুৰ গাঁওখন আমচাং বনাঞ্চলৰ সংৰক্ষিত এলেকাৰ অন্তর্ভুক্ত নহয় আৰু গাঁওখন ৰাজহ গাঁও বুলি উচ্চ ন্যায়ালয়ত প্রতিপন্ন হোৱা সন্দর্ভত দেৱব্রত শইকীয়াই কৰা প্রশ্ণৰ উত্তৰত মন্ত্রী যোগেন মহনে কয় যে বন বিভাগৰ তৰফৰ পৰা ইতিমধ্যে উচ্ছেদ কার্য সম্পন্ন কৰা হৈছে৷