নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোম আইছ’লেচনৰ ৰোগীক দিয়া হ’ব অক্সিমিটাৰ

নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ ৰাজ্যৰ লগতে মহানগৰীত ক’ৰোনাত আক্রান্ত হোৱা একাংশই এতিয়া হাস্পতালৰ পৰিৱর্তে হোম আইছ’লেচনত আছে৷ কিন্তু হোম আইছ’লেচনত থকা ৰোগীসকল ঘৰত কিদৰে আছে সেয়া প্রত্যক্ষ কৰাৰ বাবে আজি ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাই হঠাৎ উপস্থিত হয় হোম আইছ’লেচনত থকা বহুকেইটা পৰিয়ালৰ ওচৰত৷ প্রথমে জয়ানগৰৰ অলকানন্দ এপার্টমেণ্টত উপস্থিত হৈ আইছ’লেচনত থকা দুটা পৰিয়ালৰ খবৰ লয়৷ ইয়াৰ পিছতে মন্ত্রীগৰাকীয়ে ছয়মাইল আৰু চচলত আইছ’লেচন হৈ থকা আন একাংশ ৰোগীৰো স্বাস্থ্যৰ বুজ লয়৷ এই সাক্ষাতৰ মাজতে হোম আইছ’লেচন হৈ থকা প্রতিগৰাকী লোককে স্বাস্থ্য বিধি মানি চলিবলৈ আহ্বান জনায় ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাই৷

আনহাতে, হোম আইছ’লেচন হৈ থকা লোকসকল যাতে পৰিয়ালৰ আন আন সদস্যৰ সংস্পর্শলৈ নাহে, তাৰ বাবে সকলোকে বিনম্রভাৱে আহ্বান জনায় মন্ত্রীগৰাকীয়ে৷ একেদৰে হোম আইছ’লেচন হৈ থকা কোনো লোক যদিহে শ্বাস–প্রশ্বাসত ভোগে, তেন্তে তৎকালে ১০৪ত ফোন কৰি চিকিৎসালয়ত ভর্তি হ’বলৈ আহ্বান জনায় মন্ত্রীগৰাকীয়ে৷ উল্লেখ্য যে এইপর্যন্ত মহানগৰীত ৩০০তকৈ অধিক পৰিয়াল হোম আইছ’লেচন হৈ আছে৷ এই সময়ছোৱাত হোম আইছ’লেচনত থকা প্রতিগৰাকী লোককে একোটাকৈ অক্সিমিটাৰ, কিছু ঔষধ–পাতি যোগান ধৰা বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে মন্ত্রী পীয়ূষ হাজৰিকাই৷

You might also like