নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাধীনতা দিৱসক লৈ আৰক্ষী প্রশাসনৰ তৎপৰতা

নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ স্বাধীনতা দিৱসলৈ মাজত মাথোঁ এটা দিন বাকী৷ দেশৰ ৭৪সংখ্যক স্বাধীনতা দিৱস উদ্যাপনৰ বাবে সমগ্র ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত কামৰূপ (ম) জিলা–আৰক্ষী প্রশাসনে শেহতীয়া প্রস্তুতি সম্পন্ন কৰি তুলিছে৷ স্বাধীনতা দিৱসৰ কেন্দ্রীয় কার্যসূচীৰ বাবে জজ খেলপথাৰত ইতিমধ্যে প্রশাসনে সম্পূর্ণ পেৰেড গ্রাউণ্ড সাজু কৰিছে৷ স্বাধীনতা দিৱসৰ কার্যসূচীত যাতে কোনো দুষৃকতিকাৰীয়ে কূটাঘাত সংঘটিত কৰিব নোৱাৰে, তাৰ বাবে প্রশাসনে মহানগৰীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে৷ ৰাজপথত চলাচল হোৱা সমূহ যান–বাহনত আৰক্ষীয়ে তন্নতন্নকৈ তালাচী চলোৱাৰ লগতে কামৰূপ মহানগৰ জিলাত প্রৱেশ কৰা সকলো যান–বাহনত আৰক্ষীয়ে তালাচী চলোৱা পৰিলক্ষিত হৈছে৷

স্বাধীনতা দিৱসৰ সময়ছোৱাত মহানগৰীৰ চৌপাশে সষ্টম হৈ আছে আৰক্ষী প্রশাসন৷ ৰে’ল ষ্টেচন, বিমানবন্দৰ, শৰাইঘাট দলং, খানাপাৰা, আইএছবিটিকে ধৰি সকলো জনসমাগম হোৱা এলেকাত আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে৷ ইপিনে, নদীয়ে আৰক্ষীয়ে বিগত এমাহ পূর্বৰে পৰা গুৱাহাটীৰ ফেৰীঘাটৰ পৰা জালুকবাৰীলৈ ব্রহ্মপুত্রৰ দুয়োকাষে পহৰাৰ ব্যৱস্থা কৰিছে৷ কোনো দুষৃকতিকাৰীয়ে যাতে জলপথেৰে প্রৱেশ কৰি কূটাঘাত সংঘটিত কৰিব নোৱাৰে, তাৰ বাবে নদী আৰক্ষীয়ে দিনে–নিশাই সষ্টম হৈ আছে৷ ক’ভিড–১৯ৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি এইবেলি স্বাধীনতা দিৱসৰ কেন্দ্রীয় কার্যসূচীত স্বাস্থ্য বিভাগৰ নির্দেশনা অনুসৰি জিলা প্রশাসনে যাৱতীয় ব্যৱস্থা গ্রহণ কৰি দেশৰ ৭৪সংখ্যক স্বাধীনতা দিৱস উদ্যাপনৰ বাবে সাজু হৈছে৷

You might also like