নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৌৰ নিগমৰ ঠিকা আবণ্টনৰ নামত কমিছনৰাজ

আবণ্টিত ধনৰ অপব্যৱহাৰঃ স্তব্ধ গুৱাহাটী মহানগৰীৰ উন্নয়ন

নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ  গুৱাহাটী মহানগৰীৰ সামগ্রিক উন্নয়নৰ দায়িত্বত থকা পৌৰ নিগমৰ বিষয়া–কর্মচাৰীৰ দায়িত্বজ্ঞানহীনতা আৰু অদূৰদর্শিতাৰ বাবে একপ্রকাৰ স্তব্ধ হৈ পৰিছে মহানগৰীৰ উন্নয়ন৷ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনিৰ জৰিয়তে প্রতিবছৰে চৰকাৰে শ শ কোটি টকা আবণ্টন দিছে৷ কিন্তু জিএমচিৰ একাংশ দুর্নীতিগ্রস্ত বিষয়া–কর্মচাৰীৰ কমিছনৰাজত সেই আঁচনিসমূহৰ সফল ৰূপায়ণ নোহোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ মহানগৰীৰ নলা–নর্দমা পৰিষ্কাৰ, ৰাস্তা–ঘাটৰ উন্নয়ন, বিশুদ্ধ খোৱাপানী যোগান, আৱর্জনা নিষ্কাশন, বিল–জলাশয়–নৈ পৰিষ্কাৰ আৰু উন্নীতকৰণকে ধৰে বিভিন্ন আঁচনিত চৰকাৰে আবণ্টন দিয়া কোটি কোটি টকা ঠিকাদাৰ আৰু জিএমচিৰ বিষয়া–কর্মচাৰীয়ে মিলি অপব্যৱহাৰ কৰাৰ লগতে কৌশলেৰে আত্মসাৎ কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে৷ অভিযোগ অনুসৰি গুৱাহাটী পৌৰ নিগমলৈ বিভিন্ন আঁচনিৰ জৰিয়তে আবণ্টিত ধন ঠিকাৰ নামত মোকলাই দিয়াক লৈ বছৰৰ পিছত বছৰ ধৰি কমিছনৰাজ চলি আহিছে৷ পৌৰ নিগমৰ শীর্ষ বিষয়াৰ পৃষ্ঠপোষকতাত নিবিদাৰ পৰা ঠিকা আবণ্টনলৈকে জেটি’ ধীৰাজ পেটেলে কমিছনৰাজ চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে৷ জেটি’ ধীৰাজে নলা–নর্দমা পৰিষ্কাৰ, ৰাস্তা–ঘাটকে ধৰি পৌৰ নিগমৰ বিভিন্ন ঠিকাৰ কাম আবণ্টনৰ নামত ৫ শতাংশ কমিছন ঠিকাদাৰৰ পৰা আদায় কৰি আহিছে৷ জিএমচিত উঠি ৰজা, বহি ৰজা ধীৰাজৰ কমিছনৰাজক লৈ কেৱল পৌৰ নিগমৰ ভিতৰ চ’ৰাতেই নহয়, দিছপুৰতো ব্যাপক চর্চা চলিছে৷ প্রভাৱশালী ৰাজনৈতিক নেতাৰ ঘনিষ্ঠ বুলি যহাই ফুৰা জেটি’ ধীৰাজে কমিছনৰ ধনেৰে পাথৰকোৱেৰীত মাতৃৰ নামত ভূমি ক্রয় কৰাৰ লগতে নামে–বেনামে গঢ়িছে সম্পত্তিৰ পাহাৰ৷ জিএমচিত সকলোধৰণৰ কাম–কাজ কম্পিউটাৰাইজ হোৱাৰ সুযোগ লৈ ক্ষমতাৰ অপব্যৱহাৰেৰে বিভিন্ন আঁচনিৰ ধন মোকলাই দিয়া আৰু ঠিকা আবণ্টনৰ নামত ধীৰাজে চলাই থকা কমিছনৰাজ বন্ধ কৰাৰ বাবে চৰকাৰ আৰু জিলা প্রশাসনে কি পদক্ষেপ গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like