নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনি মাহে বন্ধ পৰিবহণ নিগমৰ বাছৰ চলাচল; নাৰেংগী–চন্দ্রপুৰ পথত যাত্রীৰ দুর্ভোগ

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ নাৰেংগী–চন্দ্রপুৰ পথত বহু বছৰৰ পৰা অসম ৰাজ্যিক পৰিবহণ নিগমৰ মহানগৰ বাছসেৱা চলি থকাৰ পিছত শেহতীয়াকৈ বিগত তিনি মাহতকৈও অধিককাল বন্ধ হৈ আছে এই সেৱা৷ ফলত যাতায়াতৰ ক্ষেত্রত দুর্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলটোৰ সাধাৰণ যাত্রীসকলে৷ এই সেৱা বন্ধ হৈ থকাৰ ফলত আনকি অত্যধিক খৰচ বহন কৰি যাতায়াত কৰিব লগা হৈছে অঞ্চলবাসীয়ে৷ উল্লেখ্য যে বৃহত্তৰ চন্দ্রপুৰ অঞ্চলৰ সাধাৰণ শ্রেণীৰ লোকৰ যাতায়াতৰ সুবিধার্থে স্থানীয় ৰাইজৰ দাবীৰ পৰিপ্রেক্ষিতত আজিৰ পৰা প্রায় ১৫ বছৰ পূর্বে নাৰেংগী ফৰেষ্টগেটৰ পৰা চন্দ্রপুৰলৈ ৰাজ্যিক পৰিবহণ নিগমৰ বাছসেৱা প্রৱর্তন কৰে সংশ্লিষ্ট বিভাগে৷ তেতিয়াৰে পৰা উক্ত পথছোৱাত এই সেৱা অব্যাহত হৈ আছিল৷ ক’ৰোনাকেন্দ্রিক লকডাউনৰ ফলত যোৱা মার্চ মাহৰ পৰা এই সেৱা বন্ধ হয়৷

পৰৱর্তী সময়ত লকডাউন উঠাই দিয়াৰ পিছত যোৱা অক্টোবৰ মাহত দুই–তিনি দিন পুনৰ চলাচল কৰিছিল বাছকেইখন৷ কিন্তু আশ্চর্যজনকভাৱে অজ্ঞাত কাৰণত তাৰ পিছৰে পৰা এতিয়ালৈ বন্ধ হৈ আছে এই মহানগৰ বাছসেৱা৷ তেতিয়াৰে পৰা অঞ্চলটোৰ যাত্রীয়ে ভুগি আছে চৰম দুর্ভোগ৷ কিয়নো এই পথটোত সর্বাধিক চলে মেজিক, ক্রুইজাৰ আদি চাৰিচকীয়া বাহন৷ আঠৰ পৰা দহজন যাত্রী বহিব পৰা এই বাহনসমূহত বিশেষকৈ পথছোৱাৰ মধ্য অঞ্চলৰ যাত্রীসকলে যাতায়াতৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে৷ ফলত নির্দিষ্ট সময়ত উপস্থিত হোৱাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে বিদ্যালয়–মহাবিদ্যাল্ ছাত্র–ছাত্রী আৰু চাকৰিয়ালসকল৷ ইয়াৰ উপৰি অধিক ধন খৰচ কৰি যাতায়াত কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে৷ এইক্ষেত্রত সংশ্লিষ্ট বিভাগক পুনৰ বাছসেৱা প্রৱর্তন কৰাৰ বাবে দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে৷

You might also like