নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৰলুমুখ আৰক্ষীৰ জালত দুই গভাইত চোৰ, চুৰি সামগ্রী উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ৬ মে’ : ভৰলুমুখ আৰক্ষীৰ সোমবাৰে নিশা মহানগৰীৰ ভূতনাথ কালিপুৰ আৰু শান্তিপুৰ ৰে’ল আলিৰ পৰা খেদি খেদি দুই গভাইত চোৰক গ্রেপ্তাৰ কৰাৰ লগতে বহু চুৰি সামগ্রী উদ্ধাৰ কৰে৷

আৰক্ষী সূত্রে জনোৱা মতে, ৰে’লআলিৰ কাষত জুপৰিত বাস কৰা এটা চোৰৰ দলে মহানগৰীৰ বিভিন্ন প্রান্তত চুৰি কার্য সংঘটিত কৰি আহিছে৷ আৰক্ষীৰ গোপন সূত্রৰ পম খেদি সোমবাৰে নিশা ভূতনাথ, কালিপুৰত অভিযান চলাই খেদি খেদি দুটা চোৰ কৰায়ত্ত কৰিবলৈ সক্ষম হয় যদিও আন কেইবাটাও চোৰে পলায়ন কৰে৷ ধৃত চোৰ দুটা ক্রমে মালিগাঁৱৰ ৰাহুল দাস আৰু ভৰলুমুখৰ ছাত্তাৰ আলী বুলি জানিব পৰা গৈছে৷

আৰক্ষীয়ে ধৃত চোৰ দুটাৰ পৰা দুটা গেছ চিলিণ্ডাৰ, কেইবাটাও টিভিৰ লগতে এটা হোণ্ডা জেনেৰেটৰ উদ্ধাৰ কৰে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে ভৰলুমুখ থানাত ২৭১/২০ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ উলেখ্য যে কালি ভৰলুমুখ আৰক্ষীয়ে আৰু দুটা চোৰক ৰে’ল আলিৰ পৰা কৰায়ত্ত কৰি জে’ল হাজোতলৈ প্রেৰণ কৰে৷

ভৰলুমুখ আৰক্ষীৰ সূত্র মতে, ভূতনাথ, শান্তিপুৰ আৰু কালিপুৰ অঞ্চলৰ ৰে’লআলিৰ দুয়োকাষে অস্থায়ীভাৱে বসবাস কৰা বহিঃৰাজ্যৰ বহু উদণ্ড যুৱকে মহানগৰীত চুৰি কার্যৰ লগতে অন্যান্য অপৰাধজনিত কার্য কৰি আহিছে৷

You might also like