উলুবাৰীত মহিলাৰ চেইন থপিয়ালে দুর্বৃত্তই
নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ লকডাউন–আনলকৰ শিথিলতাৰ সুযোগ লৈ গুৱাহাটীত পুনৰ দুর্বৃত্তৰ দলে লুটপাত চলোৱা কার্য আৰম্ভ কৰিছে৷ আজি উলুবাৰীৰ বৰঠাকুৰ মিল ৰোডত স্কুটীত অহা দুই দুর্বৃত্তই এগৰাকী মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি নিয়ে৷ বৰঠাকুৰ মিল ৰোডেৰে মহিলাগৰাকীয়ে আহি থকাৰ সময়তে স্কুটীত অহা দুর্বৃত্ত দুটাই কোনো নথকাৰ সুযোগ লৈ মহিলাগৰাকীৰ পৰা চেইন কাঢ়ি নিয়া দৃশ্য চি চি টিভি কেমেৰাত বন্দী হৈছে৷ ঘটনা সন্দর্ভত মহিলাগৰাকীৰ স্বামী কিৰণ চক্রৱর্তীয়ে পল্টনবজাৰ থানাত এটা গোচৰ তৰা বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও কোনো দুর্বৃত্তক কৰায়ত্ত কৰিব পৰা নাই৷