৩০ জুনলৈ বন্ধ উমানন্দ মন্দিৰৰ দুৱাৰ
নিয়মীয়া বাৰ্তা ৭ জুনঃ সমগ্র দেশৰ লগতে অসমত ক’ৰোনা ভাইৰাছৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি হোৱাত ৰাজ্যজুৰি তীব্র আতংকৰ সৃষ্টি হৈছে৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি অহা ৩০ জুনলৈ উমানন্দ দেৱালয়ৰ দুৱাৰ দর্শনার্থীৰ বাবে বন্ধ ৰাখিব বুলি পৰিচালনা সমিতিয়ে জানিবলৈ দিছে৷ এক বিজ্ঞপ্তিত উমানন্দ দেৱালয় পৰিচালনা সমিতিৰ সম্পাদক অনিল কুমাৰ ভট্টাচার্যই জনোৱা মতে, নির্দিষ্ট সময়ছোৱাত কোনো ভক্ত বা দর্শনার্থীয়ে মন্দিৰত প্রৱেশ কৰিব নোৱাৰে৷ অৱশ্যে দেৱালয়ৰ নিত্য পূজা–সেৱাত জড়িতসকল মন্দিৰত প্রৱেশ কৰাত বাধা নাই বুলিও তেওঁ বিবৃতিত উল্লেখ কৰে৷ উল্লেখ্য যে চৰকাৰে ঘোষণা কৰা আনলক্ ৱানত সকলো ধর্মীয় অনুষ্ঠান–প্রতিষ্ঠান খুলিব লাগিব বুলি নির্দেশনা জাৰি কৰিছিল৷ কিন্তু ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি দেৱালয় পৰিচালনা সমিতিয়ে অহা ২৪ দিনলৈ মন্দিৰৰ দুৱাৰ বন্ধ ৰখাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷