নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলব’ৰ্ডৰ অধীনত ৬৪০০০ লোকক পানী যোগান

২০২১ চনত সম্পূর্ণ হ’ব গুৱাহাটীৰ পানী যোগান আঁচনিৰ কাম

নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ গুৱাহাটী মহানগৰীত বিশুদ্ধ খোৱাপানী যোগানৰ বাবে চৰকাৰে গ্রহণ কৰা কেইবাখনো পানী যোগান আঁচনিৰ কাম ইতিমধ্যে সম্পূর্ণ হৈছে আৰু বাকী থকা প্রকল্পকেইটাৰ কাম অহা ২০২১ চনৰ ভিতৰত সম্পূর্ণ হোৱাৰ সম্ভাৱনা আছে৷ আজি অসম বিধানসভাৰ শীতকালীন অধিৱেশনত বিধায়িকা নন্দিতা দাসে মহানগৰবাসীৰ খোৱাপানী যোগানৰ বাবে গ্রহণ কৰা পানী যোগান আঁচনি সন্দর্ভত কৰা প্রশ্ণোত্তৰত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই কয় যে জিএমডিএৰ দ্বাৰা ৰূপায়ণ কৰা দক্ষিণ–পশ্চিম গুৱাহাটী পানী যোগান আঁচনি যোৱা ৩০ নৱেম্বৰত উদ্বোধন কৰা হৈছিল৷ এই প্রকল্পৰ অধীনত কামাখ্যা অঞ্চলত ডিষ্ট্রিক মিটাৰিং এৰিয়া ১, ২, ৩ আৰু ৪ৰ মুঠ ১,৩০০ পৰিয়ালক পানী যোগান ধৰি থকা হৈছে৷ ইপিনে গুৱাহাটী পৌৰ নিগমৰ অধীনত থকা পাণবজাৰ, হাতপুখুৰী আৰু কামাখ্যা পানী যোগান কেন্দ্রৰ পৰা দৈনিক ৪৫০ লিটাৰ পানী উৎপন্ন হয়৷ এই তিনিটা পানী শোধন কেন্দ্রৰ পৰা প্রায় ৩.৩০ লাখ উপভোক্তাক যোগান ধৰি থকা হৈছে৷ গুৱাহাটী জলব’ডৰ অধীনত জু–ৰোডস্থিত পানী যোগান আঁচনিৰ পৰা ৬৫৬২ সংযোজনৰ যোগেদি প্রায় ৬৪,০০০ লোকক পানী যোগান ধৰি থকা হৈছে৷ গুৱাহাটী উন্নয়ন বিভাগৰ অধীনত থকা দক্ষিণ–পশ্চিম গুৱাহাটী পানী যোগান আঁচনিৰ কাম ২০০৯ চনৰ ২৪ মার্চত আৰম্ভ কৰি ২০২১ চনৰ ২৯ ফেব্রুৱাৰীত সম্পূর্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে৷ ইতিমধ্যে প্রকল্পটোৰ ৯৬.১০ শতাংশ কাম সম্পূর্ণ কৰা হৈছে৷

জাইকাৰ ঋণ সাহায্যপ্রাপ্ত প্রকল্পৰ কাম ২০০৯ চনত আৰম্ভ কৰি ২০১৪ চনত সম্পূর্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল যদিও পৰৱর্তী সময়ত ২০২২ চনলৈ সময় বৃদ্ধি কৰা হৈছে৷ ২০১৯ চনত আবণ্টন দিয়া দুয়োটা প্রকল্পৰ কাম ২০২১ চনৰ মার্চ মাহৰ ভিতৰত সম্পূর্ণ কৰাৰ পৰিকল্পনা হাতত লোৱা হৈছে৷ একেদৰে তিনিটা পানী ভঁৰাল নির্মাণৰ কায়িক বিকাশ ৮০.৯৯ শতাংশ আৰু পানী পৰিবাহী মুখ্য নলা বহুওৱাৰ কাম ৮৯.২৩ শতাংশলৈ বিকশিত হৈছে৷ ইপিনে, দক্ষিণ–পশ্চিম গুৱাহাটী পানী যোগান প্রকল্পৰ কাম আজিলৈকে সম্পূর্ণ হোৱা নাই বুলি মন্ত্রীগৰাকীয়ে সদৰী কৰে৷ জাইকাৰ ঋণ সাহায্যপ্রাপ্ত প্রকল্পৰ নির্ধাৰিত সময় উকলি যোৱাৰ বাবেই এই কাম সম্পূর্ণ হোৱা নাই৷ এই আঁচনিৰ কাম সম্পূর্ণ কৰিবলৈ এটা প্রতিষ্ঠানক দায়িত্ব দিয়া হৈছিল যদিও দুবছৰত কামৰ অগ্রগতি নোহোৱাৰ বাবে ২০১৫ চনত আইভিআৰচিএল প্রতিষ্ঠানটোত কামৰ পৰা অব্যাহতি দিয়া হৈছে৷ পুনৰ ২০১৯ চনত আন এটা নতুন প্রতিষ্ঠানক দায়িত্ব অর্পণ কৰা হৈছে আৰু সকলো ঠিকে–ঠাকে থাকিলে ২০২১ চনৰ ২৯ জুনত সকলো কাম সম্পূর্ণ কৰাৰ পৰিকল্পনা লোৱা হৈছে৷ জিএমডিএৰ দ্বাৰা ৰূপায়ণ কৰা দক্ষিণ–পশ্চিম গুৱাহাটীৰ পানী যোগান প্রকল্পৰ বাবে ৩৪৯.৬৩ কোটি টকা ধার্য কৰা হৈছিল যদিও পৰৱর্তী সময়ত ৪০৭.৫২ কোটি টকালৈ বৃদ্ধি কৰা হৈছে৷ জাইকা সাহায্যপ্রাপ্ত প্রকল্পৰ বাবে ১৪২৬.০০ কোটি টকা ধার্য কৰা হৈছে আৰু টকাৰ পৰিমাণ বৃদ্ধি কৰা হোৱা নাই৷ অৱশ্যে জাইকাই ৮৩ শতাংশ আৰু ৰাজ্য চৰকাৰে ১৭ শতাংশ বহন কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷

You might also like